নেৰানেপেৰা বৰষুণৰ ফলত বানত ডুব গৈছে অসমৰ বহু গাওঁ-ভূই ,চহৰ-নগৰ ৷ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ বাবে বিগত তিনিদিন ধৰি বন্ধ আছিল এই ফেৰী সেৱা ৷ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে বিপদ সংকূল পৰিস্থিতিৰ আশংকাত জিলা প্ৰশাসনে ১৫মে’ৰ পৰা ফেৰী সমূহৰ চলাচল বন্ধ কৰিছিল ৷অৱশ্যে বিগত তিনিদিন ধৰি মাজুলী-নিমাতী ফেৰী সেৱা বন্ধ হৈ থকাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছিল দুই অঞ্চলৰ ৰাইজ লগতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল ব্ৰহ্মপুত্ৰৰ দুই পাৰৰ দুই বৃহৎ নৈপৰীয়া অঞ্চল ৷ কিন্তু আজিৰে পৰা পুনৰ আৰম্ভ কৰা হৈছে এই ফেৰী সেৱা ৷ পুৱাৰে পৰা কমলাবাৰী ঘাট আৰু অফলামুখ ঘাটৰ পৰা নিমাতী ঘাটলৈ ফেৰী চলাচল আৰম্ভ হৈছে ৷ বিগত তিনিদিন ফেৰী সেৱা বন্ধ হৈ থকাৰ বাবে আজি যাত্ৰীসকলৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে ফেৰী ঘাটসমূহত