অসমৰ দুখনকৈ কথাছবিয়ে ‘কাঁ চলচিত্ৰ মহোৎসৱ’ৰ Marche` du Filmত প্ৰদৰ্শিত হ’বলৈ নিৰ্বাচিত হোৱা বাতৰিয়ে সমগ্ৰ অসমবাসীকে আনন্দিত কৰিছে ৷ ‘বাঘজান’আৰু ‘বুম্বা ৰাইড’ৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে অসমৰ চলচিত্ৰ প্ৰেমীসকল ৷
এই বিৰল উপলব্ধিৰ মূহুৰ্ততে ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’নামৰ অসমৰ এটি আগশাৰীৰ স্বেচ্ছাসেৱী সামাজিক-সাংস্কৃতিক গোটৰ এগৰাকী সদস্য ,শুভাকাংক্ষী ,বিশিষ্ট ব্যৱসায়ী তথা চলচ্ছিত্ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ প্ৰযোজিত কথাছবি ‘বুম্বা ৰাইডে’ সন্মানীয় ‘কাঁ চলচিত্ৰ মহোৎসৱ’ৰ Marche` du Filmত প্ৰদৰ্শিত হ’বলৈ নিৰ্বাচিত হোৱা বাতৰিয়ে সমগ্ৰ অসমবাসীৰ লগতে গৌৰৱান্বিত কৰিছে ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ প্ৰতিগৰাকী সদস্যকে৷
সেয়েহে ‘বুম্বা ৰাইড’ৰ সৈতে জড়িত প্ৰতিজন কলা কুশলীৰ উত্তৰোত্তৰ কামনা কৰি ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটটোৱে আজি পুৱা প্ৰায় ১০বজাত সভাপতি, সম্পাদক আৰু কেইবাগৰাকীও সক্ৰিয় সদস্যৰ উপস্থিতিত লুইত কুমাৰ বৰ্মনৰ হাতীগাওঁস্থিত বাসভৱনত উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা হিচাপে তেওঁলৈ আগবঢ়োৱা হয় এখন সম্বৰ্ধনা পত্ৰ , গামোচা আৰু এটি ফুলৰ পুলি ৷
জন্মলগ্নৰে পৰা ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটটোৰ সৈতে জড়িত হৈ থকা লুইত কুমাৰ বৰ্মনৰ এই সাফল্যই নিশ্চয়কৈ গোটৰ প্ৰতিগৰাকী সদস্যকে আনন্দিত কৰিছে ৷ প্ৰযোজক গৰাকীৰ এই যাত্ৰা সুদূৰপ্ৰসাৰী হওঁক তাকেই আন্তৰিকতাৰে কামনা কৰি বৰ্মনক আভিনন্দন জনাইছে গোটটোৰ প্ৰতিজন সদস্যই ৷