বৃহস্পতিবাৰে হাৰিয়ানাৰ ঝাজৰ জিলাৰ আচোদা টোল প্লাজাৰ ওচৰৰ কুণ্ডলী-মানেচাৰ-পালৱাল (কেএমপি) এক্সপ্ৰেছৱেত কয়লা ভৰ্তি এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলত কমেও তিনিজন প্ৰবজনকাৰী শ্ৰমিক থিতাতে নিহত হয় আৰু ১১ জন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ৰাস্তাৰ কাষত শুই আছিল পথ মেৰামতিৰ কামত নিয়োজিত প্ৰবজনকাৰী শ্ৰমিকসকল । দুৰ্ঘটনাটোৰ সময়ত ১৮ জন শ্ৰমিক শুই আছিল আৰু তেওঁলোকৰ চাৰিজন অক্ষত অৱস্থাত পলাই যাবলৈ সমৰ্থ হৈছিল ৷ আনহাতে শোকাবহভাৱে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে তিনিজন শ্ৰমিকে।গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত বেছিভাগকেই ৰোহতকৰ পিজিআইএমএছলৈ প্ৰেৰণ কৰা হৈছে।
জিলাখনৰ উপায়ুক্ত শক্তি সিঙে সংবাদ মাধ্যমৰ আগত কয় যে,’ঠিকাদাৰৰ সৈতে পথ মেৰামতিৰ কামত নিয়োজিত শ্ৰমিকসকলক আৰক্ষীয়ে সুৰক্ষিত স্থানলৈ যাবলৈ সতৰ্ক কৰি দিয়া স্বত্বেও ৰাস্তাৰ কাষতে শুই আছিল। অৱশ্যে তেওঁলোকে শোৱাৰ বাবে ঘাইপথৰ এফালে এটা বাধা ৰাখিছিল কিন্তু “ট্ৰাকখনে সেই বাধাত খুন্দা মৰাৰ পিছত তেওঁলোককো মহতিয়াই লৈ গৈছিল।”