দিল্লীৰ এজন অধিবক্তাৰ অভিযোগৰ ভিত্তিত মঙলবাৰে নিশা ৰতন লাল নামৰ দিল্লীৰ এজন অধ্যাপকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছিল ৷ বাৰাণসীৰ জ্ঞানৱাপী মছজিদ চৌহদৰ ভিতৰত পোৱা এটা ‘শিৱলিংগ’ সম্পৰ্কীয় দাবীৰ কথা উল্লেখ কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিয়াৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত ৰতন লালক যোৱা নিশা গ্ৰেপ্তাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
হিন্দু মহাবিদ্যালয়ৰ সৈতে কাম কৰা ৰতন লালক ভাৰতীয় দণ্ডবিধি ধাৰা ১৫৩এ (ধৰ্ম, জাতি, জন্মস্থান, বাসস্থান, ভাষা আদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা) আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে বিৰোধী কাম কৰা) আৰু ২৯৫এ (ধৰ্মক অপমান কৰি যিকোনো শ্ৰেণীৰ ধৰ্মীয় অনুভূতিক ক্ষুব্ধ কৰাৰ বাবে ইচ্ছাকৃত কাৰ্য)ৰ অধীনত উত্তৰ দিল্লীৰ চাইবাৰ আৰক্ষী থানাৰ বিষয়াসকলে গ্ৰেপ্তাৰ কৰে।
দিল্লীৰ এজন অধিবক্তাই আৰক্ষীক অভিযোগ দিয়াৰ পিছতেই মঙলবাৰে নিশা শ্ৰীযুত লালৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। অধিবক্তা বিনীত জিন্দলে তেওঁৰ অভিযোগত কৈছিল যে, শ্ৰীযুত লালে শেহতীয়াকৈ “শিৱলিংগৰ ওপৰত এটা অপমানজনক, উচতনিমূলক আৰু উত্তেজক টুইট” শ্বেয়াৰ কৰিছে।
শ্ৰীযুত লালে তেওঁৰ টুইটাৰ একাউণ্টত দিয়া বিবৃতিটো হৈছে “উত্তেজিত কৰা আৰু প্ৰৰোচিত কৰা”, তেওঁ অভিযোগটোত কৈছিল।লগতে অধিবক্তাজনে তেওঁৰ অভিযোগত কৈছিল ,বিষয়টো অতি সংবেদনশীল আৰু আদালতৰ সন্মুখত বিচাৰাধীন হৈ আছে।
আনহাতে তেওঁৰ পূৰ্বৰ পোষ্টটোৰ সপক্ষে অধ্যাপক শ্ৰী লালে কৈছিল, “ভাৰতত, যদি আপুনি যিকোনো কথা কয়, কাৰোবাৰ বা আনজনৰ অনুভূতি আঘাত প্ৰাপ্ত হ’ব। গতিকে এইটো একো নতুন কথা নহয়। মই এজন ইতিহাসবিদ আৰু কেইবাটাও পৰ্যৱেক্ষণ কৰিছো। মই সেইবোৰ লিখি আছিলো আৰু সদায় মোৰ পোষ্টত অতি সংযত ভাষা ব্যৱহাৰ কৰি আহিছো আৰু এতিয়াও কৰিছো ৷ মই নিজকে ৰক্ষা কৰিম।”