ভাৰতীয় গ্ৰেণ্ড মাষ্টাৰ প্ৰাগনান্ধাই ৩ মাহত বিশ্ব দবা চেম্পিয়ন মেগনাস কাৰ্লচেনৰ বিৰুদ্ধে দ্বিতীয়টো জয় লাভ কৰে ৷ গ্ৰেণ্ড মাষ্টাৰ প্ৰাগনান্ধা ৰমেশবাবুয়ে ২০২২ চনত বিশ্ব চেম্পিয়ন মেগনাস কাৰ্লচেনৰ বিৰুদ্ধে দ্বিতীয়টো জয় লাভ কৰে । দুয়োজন খেলুৱৈ শুক্ৰবাৰে চেচেবল মাষ্টাৰ্ছ অনলাইন ৰেপিড দবা টুৰ্ণামেণ্টৰ ৫ম ৰাউণ্ডত মিলিত হৈছিল আৰু কাৰ্লচেনৰ বিৰুদ্ধে জয়ৰ পিছত প্ৰাগনান্ধাই নকআউট পৰ্যায়লৈ অগ্ৰসৰ হোৱাৰ সম্ভাৱনা অধিক হৈ পৰিছিল।
১,৫০,০০০ আমেৰিকান ডলাৰৰ অনলাইন টুৰ্ণামেণ্ট খনত অনুষ্ঠিত হোৱা ৫ম ৰাউণ্ডৰ খেলখন শুক্ৰবাৰে ড্ৰ’ৰ দিশে আগবাঢ়িছিল কিন্তু কাৰ্লচেনৰ এটা ভুল পদক্ষেপৰ বাবে ৪০ তম পদক্ষেপত তেওঁৰ পৰাজয় বৰণ কৰিছিল।
প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনা চীনৰ ৱেই য়িৰ পিছত কাৰ্লচেন লিডাৰব’ৰ্ডত দ্বিতীয় স্থানত আছিল। আনহাতে বিশ্বৰ আটাইতকৈ কনিষ্ঠ গ্ৰেণ্ড মাষ্টাৰ অভিমন্যু মিশ্ৰও এই ১৬ জনীয়া প্ৰতিযোগিতাৰ অংশ আছিল।
১৬ বছৰীয়া প্ৰাগনান্ধাই ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে এয়াৰথিংছ মাষ্টাৰ্ছত মেগনাস কাৰ্লচেনক পৰাস্ত কৰিছিল ৷ যি আছিল এক অনলাইন ৰেপিড দবা টুৰ্ণামেণ্ট। খেলখনত মাত্ৰ ১৯ টা মুভত এয়াৰথিংছ মাষ্টাৰ্ছত প্ৰাগনান্ধাই জয় লাভ কৰিছিল।
দৰাচলতে প্ৰাগনান্ধাই শুক্ৰবাৰে কাৰ্লচেনৰ বিৰুদ্ধে তেওঁৰ প্ৰদৰ্শনত সুখী নাছিল যদিও তেওঁ ৩ টা গুৰুত্বপূৰ্ণ পইণ্ট তৈয়াৰ কৰিছিল যিয়ে তেওঁক জয়ী হোৱাত সহায় কৰিছিল ৷