দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা নীতি যে সচাকৈয়ে আম আদমী পার্টী(আপ)-এ আখৰে আখৰে পালন কৰে সেয়া পুনৰবাৰ প্ৰমাণিত কৰিলে পাঞ্জাৱ চৰকাৰে ৷ দুর্নীতিত লিপ্ত থকাৰ প্ৰমাণ লাভ কৰাৰ পাছতে কেবিনেট সতীর্থক বর্খাস্ত কৰিছে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৷ মন্ত্ৰীসভাৰ পৰা বর্খাস্ত কৰা হৈছে বিজয় চিংলাক ৷ তেওঁ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল ৷ চিংলাই বিভিন্ন নিবিদাৰ ক্ষেত্ৰত এক শতাংশ কমিছনৰ দাবী জনাইছিল বুলি অভিযোগ উঠিছে।
মুখ্যমন্ত্ৰী ভগৱন্ত মানে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ পোৱাৰ পিছতে এই অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰে। দেশৰ ইতিহাসত এয়া মাথোঁ দ্বিতীয়বাৰৰ বাবে এজন মুখ্যমন্ত্ৰীয়ে নিজৰ কেবিনেট সতীৰ্থৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে ২০১৫ চনত দুৰ্নীতিৰ অভিযোগত তেওঁৰ এজন মন্ত্ৰীক বৰ্খাস্ত কৰিছিল।
এক শতাংশ দুৰ্নীতিও সহ্য কৰা নহ’ব বুলি ভিডিঅ’ বাৰ্তাত পুনৰ দোহাৰে মানে। তেওঁ কয় -“বহু আশাৰে জনসাধাৰণে আপ চৰকাৰক ভোট দিছে, আমি সেয়া পালন কৰিব লাগিব। যেতিয়ালৈকে ভাৰত মাতৃৰ অৰবিন্দ কেজৰিৱালৰ দৰে পুত্ৰ আৰু ভগৱন্ত মানৰ দৰে সৈনিক থাকিব তেতিয়ালৈকে দুৰ্নীতিৰ বিৰুদ্ধে মহাযুদ্ধ চলি থাকিব।” আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ দুৰ্নীতি বিৰোধী আৰ্হি অনুসৰি এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি দলটোৱে প্ৰকাশ কৰে। ইতিমধ্যে চিংলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰক্ষীক। ইতিমধ্যে মন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷