কংগ্ৰেছ দল ত্যাগ কৰিছে জ্যেষ্ঠ নেতা কপিল ছিবালে ৷ আজি এই কথা সদৰী কৰিছে ছিবালে ৷ একে সময়তে উত্তৰ প্ৰদেশৰ পৰা সমাজবাদী পাৰ্টিৰ সমর্থনত ৰাজ্যসভাৰ নির্দলীয়া প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে তেওঁ ৷
সাংবাদিকৰ আগত কপিল ছিবালে কয় যে তেওঁ ১৬ মে’ত কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল ৷ সংসদত স্বাধীন কণ্ঠস্বৰ থকাটো গুৰুত্বপূৰ্ণ।যদি এটা স্বাধীন কণ্ঠই মাত মাতে তেতিয়া মানুহে বিশ্বাস কৰিব যে এয়া কোনো ৰাজনৈতিক দলৰ নহয়।
কংগ্ৰেছৰ অন্যতম জ্যেষ্ঠ নেতা ছিবালে ২৩ জন বিৰোধীৰ গোটৰ “জি-২৩”ৰ অংশ আছিল যিয়ে দলটোৰ নেতৃত্ব আৰু সংগঠনৰ সম্পূৰ্ণ পৰিৱৰ্তনৰ আহ্বান জনাইছিল।যোৱা কেইসপ্তাহমানৰ পৰা গান্ধী পৰিয়ালৰ নেতৃত্বৰ বিৰুদ্ধে তেওঁ সৰৱ হৈ পৰিছিল।শেহতীয়াকৈ ছিবালে লক্ষ্ণৌত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱক সাক্ষাৎ কৰিছিল ৷
ছিবালে উচ্চতম ন্যায়ালয়ত সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা আজম খানক প্ৰতিনিধিত্ব কৰিছিল। দুবছৰ কাৰাদণ্ডৰ অন্তত উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিনত মুকলি কৰি দিয়ে আজম খানক। অহা মাহত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ১১খন আসন অন্তৰ্ভুক্ত হ’ব।