অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিৰোধী পক্ষৰ একাংশৰ আচৰণ উগ্ৰপন্থীতকৈ বেয়া বুলি কৰা মন্তব্য লৈ সদনৰ বাহিৰে ভিতৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধীয়ে হুংকাৰ দিছে যে যেতিয়ালৈকে দৈমাৰীয়ে নিজৰ বক্তব্য প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব।
উল্লেখযোগ্য যে আজিৰ বিধানসভাত প্ৰধানকৈ উত্থাপিত হ’বলগীয়া বিষয় আছিল ভেঞ্চাৰ স্কুলসমূহৰ প্ৰাদেশিকীকৰণ কৰাৰ বিষয়টোৰ লগতে অসমৰ বহুকেইটা জলন্ত সমস্যা। কিন্তু অধ্যক্ষৰ এই মন্তব্য লৈ বিৰোধী পক্ষ অসন্তুষ্ট হৈ প্ৰতিবাদ কৰাৰ বাবে সভাৰ কাম-কাজত ব্যাঘাত জন্মে আৰু সভা স্থগিত কৰিবলৈ বাধ্য হৈ পৰে অধ্যক্ষ দৈমাৰী।
আনহাতে বিৰোধী পক্ষই মাটিত বহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। তেখেতসকলে দাবী কৰে যে পূৰ্বতে বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈয়ে বিৰোধীক ‘কাউৰীৰ দৰে কা কা কৰি থাকে’ বুলি কোৱা মন্তব্যটোৰ পাছত এনেদৰেই তীব্ৰ প্ৰতিবাদ হৈছিল আৰু বিষয়টো মীমাংসা নোহোৱালৈকে প্ৰতিবাদ অব্যাহত আছিল।
বিৰোধী পক্ষই উল্লেখ কৰে যে যিহেতু বিধানসভাৰ প্ৰতিটো মন্তব্য লিখিত দলিলৰ ৰূপত ভৱিষ্যতলৈ থাকি যায়। এনে স্থলত ভৱিষ্যত প্ৰজন্মৰ মনত বিধানসভা সন্দৰ্ভত নেতিবাচক ধাৰণাৰ সৃষ্টি হ’ব। এই কথা পবিত্ৰ বিধানসভাৰ বাবে অপমানজনক বুলিও একাংশই মন্তব্য কৰে।