চিলিৰ বিজ্ঞানীসকলৰ মতে এণ্টাৰ্কটিকাত বেক্টেৰিয়া জিনৰ সৈতে আৱিষ্কাৰ কৰা হৈছে যি তেওঁলোকক প্ৰাকৃতিক এণ্টিবায়টিক আৰু এণ্টিমাইক্ৰোবাইল প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে আৰু ই মেৰু অঞ্চললৈ বিয়পি পৰাৰ সম্ভাৱনা আছে।
মাৰ্চ মাহত ছাইন্স অৱ দ্য টোটেল এনভায়ৰনমেণ্ট জাৰ্নেলত প্ৰকাশিত অধ্যয়নটোৰ নেতৃত্ব দিয়া চিলি বিশ্ববিদ্যালয়ৰ গৱেষক আন্দ্ৰেছ মাৰ্কলেতাই কৈছিল যে ,চৰম পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ বিকশিত হোৱা এই “মহাশক্তিবোৰ” ভ্ৰাম্যমাণ ডিএনএ টুকুৰাত অন্তৰ্ভুক্ত যাক সহজে আন বেক্টেৰিয়ালৈ স্থানান্তৰ কৰিব পাৰি।
“আমি জানো যে বৰফ গলি যোৱাৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱা মেৰু অঞ্চলবোৰৰ ভিতৰত এণ্টাৰ্কটিকা উপদ্বীপৰ মাটিবোৰে বেক্টেৰিয়াৰ এক বৃহৎ বৈচিত্ৰ্য ৰক্ষা কৰে,” মাৰ্কলেতাই কয়। “আৰু তেওঁলোকৰ কিছুমানে পৈতৃক জিনৰ এক সম্ভাৱ্য উৎস গঠন কৰে যি এণ্টিবায়টিকৰ প্ৰতি প্ৰতিৰোধ প্ৰদান কৰে।”
চিলি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে ২০১৭ চনৰ পৰা ২০১৯ চনলৈ এণ্টাৰ্কটিকা উপদ্বীপৰ পৰা কেইবাটাও নমুনা সংগ্ৰহ কৰিছিল।সংক্ৰামক ৰোগৰ ঘটনাত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিব পাৰে নেকি সোধা উচিত বুলিও মাৰ্কলেতাই কয়।আনহাতে তেওঁ কয় যে “এক সাম্ভাব্য পৰিস্থিতিত, এই জিনবোৰে এই জলাশয় এৰি যাব পাৰে আৰু সংক্ৰামক ৰোগৰ উদ্ভৱ আৰু প্ৰসাৰ বৃদ্ধি কৰিব পাৰে।”
ইতিমধ্যে গৱেষকসকলে জানিব পাৰিছে যে, এণ্টাৰ্কটিকা উপদ্বীপৰ অন্যতম মুখ্য বেক্টেৰিয়া গোট ‘চিউডোমোনাছ বেক্টেৰিয়া’ ৰোগসৃষ্টিকাৰী নহয় কিন্তু ই ‘প্ৰতিৰোধ জিন’ৰ উৎস হ’ব পাৰে, যাক সাধাৰণ বীজাণুনাশক যেনে তাম, ক্লোৰিন বা চতুৰ্ভুজ এমোনিয়ামৰ দ্বাৰা বন্ধ কৰা নহয়।