এদিনীয়া ভ্ৰমণসূচীৰে আজি তেলেংগানাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক তীব্ৰ সমালোচনা কৰে ৷ ভাষন প্ৰসংগতে মোদীয়ে কয় তেলেংগানাৰ বাবে সংগ্ৰাম কেৱল এটা পৰিয়ালে সকলো সম্ভাৱ্য কৌশল ব্যৱহাৰ কৰি শাসন কৰাৰ বাবে হোৱা নাছিল ৷ মোদীয়ে কয় যে পৰিয়ালকেন্দ্ৰিক দলসমূহৰ বাবেই দেশৰ যুৱক-যুৱতীসকলে ৰাজনীতিত সুযোগ লাভ কৰা নাই ৷
দলীয় কর্মীসকলক ভাষণ প্ৰসংগত মোদীয়ে এইবুলিও কয় ‘পৰিয়ালকেন্দ্ৰিক দলবোৰে কেৱল নিজৰ বিকাশৰ কথাহে চিন্তা কৰে। এই দলবোৰে দুখীয়া মানুহক গুৰুত্ব নিদিয়ে ৷ কেনেদৰে এটা পৰিয়ালে ক্ষমতাত থাকি যিমান পাৰে লুণ্ঠন কৰিব পাৰে তাক লৈ তেওঁলোকৰ ৰাজনীতি কেন্দ্ৰীভূত হৈ আছে। ৰাইজৰ বিকাশৰ প্ৰতি তেওঁলোকৰ কোনো আগ্ৰহ নাই।’
তেওঁ কয় যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কেৱল এটা ৰাজনৈতিক সমস্যা নহয় বৰঞ্চ “গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শত্ৰু” ৷ এটা পৰিয়ালৰ বাবে উৎসৰ্গিত সেই ৰাজনৈতিক দলসমূহত কি পর্যায়ত দুর্নীতি সংঘটিত হয়, সেয়া দেশবাসীয়ে দেখি আহিছে ৷