শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰা হাৰ্দিক পেটেলে বৃহস্পতিবাৰে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে ৷ দলীয় সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ ২০১৯ চনত কংগ্ৰেছৰ সৈতে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা ২৮ বছৰীয়া গুজৰাট পাটিদাৰ নেতাজনে ১৮ মে’ত ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দলটো ত্যাগ কৰে। পত্ৰখনত তেওঁ ৰাহুল গান্ধীক টাৰ্গেট কৰি কৈছিল যে “শীৰ্ষ নেতাসকল” তেওঁলোকৰ মোবাইল ফোনত অন্যমনস্ক হৈ থাকে আৰু গুজৰাট কংগ্ৰেছৰ নেতাসকলে তেওঁলোকৰ বাবে চিকেন চেণ্ডুইচৰ ব্যৱস্থা কৰাতহে অধিক আগ্ৰহী।
হার্দিক পেটেলে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বুলি ওলোৱা বাতৰি অস্বীকাৰ কৰি আহিছে যদিও বিজেপি আৰু ইয়াৰ নেতৃত্বক সমানে প্ৰশংসা কৰি আহিছে ৷ যাৰ বাবে বিজেপিত তেওঁৰ যোগদান প্ৰায় নিশ্চিত বুলি খবৰ ওলাই আহিছে ৷ শেহতীয়াকৈ পেটেলে সাংবাদিকৰ আগত কয় যে তেওঁ বর্তমানেও বিজেপিত নাই আৰু যোৱাৰ কোনো সিদ্ধান্ত লোৱা নাই ৷ একে সময়তে অযোধ্যাৰ ৰায়দান আৰু জম্মু-কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া ৩৭০ নং অনুচ্ছেদ বাতিল কৰাকে ধৰি একাধিক বিষয়ত বিজেপিক উচ্চ প্ৰশংসা কৰে ৷ তেওঁ লগতে কয় “বিজেপিয়েই হওক বা আপেই হওক, কোনো ৰাজনৈতিক দলত যোগদানৰ সন্দৰ্ভত এতিয়ালৈকে মই কোনো সিদ্ধান্ত লোৱা নাই, মই যি সিদ্ধান্ত লওঁ, সেয়া জনসাধাৰণৰ স্বাৰ্থত হ’ব ৷”অৱশ্যে বিগত দুমাহ ধৰি তেওঁ বিজেপিৰ সৈতে সম্পর্ক ৰক্ষা কৰি আহিছে বুলি সুত্ৰই সদৰী কৰিছে ৷