যেতিয়াই বলীউডত শক্তিশালী মহিলা চৰিত্ৰৰ কথা কোৱা হয়, প্ৰথমেই স্মৰণ কৰা হয় ৰাজ খোচলাক ৷ আজি বলীউড জগতৰ সেই শক্তিশালী পৰিচালক জনৰ জন্মদিন ৷ উল্লেখনীয় যে ৰাজ খোচলাক অভিনেত্ৰীৰ পৰিচালক বুলি কোৱা হৈছিল ৷ কাৰণ বহুকেইখন জনপ্ৰিয় চলচ্চিত্ৰত তেওঁ বহুকেইগৰাকী নায়িকাক শক্তিশালী চৰিত্ৰ প্ৰদান কৰিছিল ৷সেয়েহে যেতিয়াই বলীউডত শক্তিশালী মহিলা চৰিত্ৰৰ কথা কোৱা হয়, ৰাজ খোচলাক প্ৰথমে স্মৰণ কৰা হয়।
১৯৬৪ চনত মুক্তি প্ৰাপ্ত ‘ৱো কৌন থি’ চলচ্চিত্ৰখনত ৰাজে তেওঁৰ নায়িকা সাধনাক এনেদৰে পৰিচয় কৰাই দিছিল যে সাধনাৰ অনুৰাগীসকল তেওঁৰ প্ৰকৃত প্ৰতিচ্ছবিক লৈ বিভ্ৰান্ত হৈ পৰিছিল। ৰাজ খোচলা তেওঁৰ চলচ্চিত্ৰত নায়িকাসকলৰ সৈতে আইকনিক দৃশ্যৰ বাবেও জনাজাত। ১৯৬৯ চনৰ ‘দো ৰাষ্টা’ চলচ্চিত্ৰৰ এটি গীত য’ত ৰাজেশ খান্না আৰু মমতাজে বৰষুণত তিতি নাচিছিল, যাৰ গীতআছিল ‘চুপ গয়ে সাৰে নাজাৰে’ ইয়াৰ দৃশ্যৰ চিত্ৰগ্ৰহণৰ বাবে ৰাজ খোচলাৰ কল্পনা শক্তিৰ সকলোৱে শলাগ লৈছিল। ৰাজে তেওঁৰ চলচ্চিত্ৰত নায়িকাসকলক সদায়েই অতি শক্তিশালী চৰিত্ৰ প্ৰদান কৰিছিল।