জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰিব আইন ৷ মঙলবাৰে এই কথা সদৰী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে ৷ আইচিএআৰ-নেচনেল ইনষ্টিটিউট অৱ বায়’টিক ষ্ট্ৰেছ মেনেজমেণ্ট, বৰোণ্ডাত ‘গৰিব কল্যাণ সন্মিলন’ত অংশগ্ৰহণ কৰিবলৈ ৰায়পুৰত উপস্থিত হোৱা কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰীগৰাকীয়ে এইদৰে কয় ।জনসংখ্যা নিয়ন্ত্ৰণৰ আইন সম্পৰ্কে সাংবাদিকে সোধাত পেটেলে কয়, ‘শীঘ্ৰেই আইন প্ৰণয়ন কৰা হ’ব , চিন্তা নকৰিব। যেতিয়া শক্তিশালী আৰু ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে তেন্তে আন সিদ্ধান্তসমূহো গ্ৰহন কৰা হ’ব ৷”
তেওঁ ছত্তীশগড়ৰ শাসকীয় কংগ্ৰেছকো একাংশ কেন্দ্ৰীয় আঁচনিৰ ৰূপায়নত ব্যৰ্থ হোৱাৰ বাবে সমালোচনা কৰে ৷ তেওঁ কয় -“ৰাজ্য চৰকাৰে জল জীৱন মিছনৰ অধীনত মাত্ৰ ২৩ শতাংশ কামহে আগবঢ়াবলৈ সক্ষম হৈছে ৷ ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় অগ্ৰগতিৰ গড় হৈছে ৫০ শতাংশ। ৰাজ্যত পানীৰ উৎসৰ ক্ষেত্ৰত কোনো সমস্যা নাই যদিও সমস্যাটো হৈছে মেনেজমেণ্ট। একেদৰে পি এম আৱাস আঁচনিৰ অধীনত ৰাজ্যখনে লক্ষ্য সম্পূৰ্ণ কৰিব পৰা নাই ৷”
ইয়াৰ পূৰ্বে গৰিব কল্যাণ সন্মিলনৰ সময়ত বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰি পেটেলে নৰেন্দ্ৰ মোদী চৰকাৰে যোৱা ৮ বছৰত লাভ কৰা বিভিন্ন সাফল্যৰ ওপৰত আলোকপাত কৰি কয় যে ‘সেৱা, সুশাসন আৰু দৰিদ্ৰৰ কল্যাণ’ হৈছে কেন্দ্ৰীয় চৰকাৰৰ মূল মন্ত্ৰ।