শুকুৰবাৰে ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ৪১ গৰাকী প্ৰার্থী ৷ বিজয়ীসকলৰ ভিতৰত আছে কংগ্ৰেছৰ পি চিদাম্বৰম আৰু ৰাজীৱ শুক্লা, বিজেপিৰ সুমিত্ৰ বাল্মিকী আৰু কবিতা পাটিদাৰ, প্ৰাক্তন কংগ্ৰেছ নেতা কপিল ছিবাল, আৰজেডিৰ মিছা ভাৰতী আৰু আৰএলডিৰ জয়ন্ত চৌধুৰী ৷ উত্তৰ প্ৰদেশৰ ১১ গৰাকী, তামিলনাডুৰ ৬ গৰাকী, বিহাৰৰ ৫ গৰাকী, অন্ধ্ৰ প্ৰদেশৰ ৪ গৰাকী, মধ্যপ্ৰদেশ , ওড়িশাৰ তিনি গৰাকীকৈ, ছত্তীশগড়, পঞ্জাৱ, তেলেংগানা আৰু ঝাৰখণ্ডত দুগৰাকীকৈ আৰু উত্তৰাখণ্ডৰ এগৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰে।
৪১ জন বিজয়ীৰ ভিতৰত ১৪ জন বিজেপিৰ ৷ তদুপৰি ৪ জনকৈ কংগ্ৰেছ আৰু ৱাই এছ আৰ কংগ্ৰেছৰ; ডি এম কে আৰু বিজেডিৰ পৰা তিনিজনকৈ; নির্দলীয় ছিবালৰ উপৰি আপ, আৰ জে ডি, টি আৰ এছ, এ আই এ ডি এম কেৰ পৰা দুজনকৈ, জে এম এম, জে ডি ইউ, এছ পি আৰু আৰ এল ডিৰ পৰা এজনকৈ ৰাজ্যসভালৈ নির্বাচিত হৈছে ।
জুনৰ পৰা আগষ্টৰ ভিতৰত সদস্যৰ অৱসৰৰ বাবে খালী হৈ পৰা ১৫খন ৰাজ্যৰ পৰা ৰাজ্যসভাৰ ৫৭খন আসন পূৰণৰ বাবে ১০ জুনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। শুকুৰবাৰেই আছিল প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ শেষ তাৰিখ। ১০ জুনত এতিয়া মহাৰাষ্ট্ৰত ৬খনকৈ, ৰাজস্থান আৰু কৰ্ণাটকত চাৰিখনকৈ আৰু হাৰিয়ানাত দুখনকৈ নিৰ্বাচন অনুষ্ঠিত হ’ব। সেইদিনাই ফলাফল ঘোষণা কৰা হ’ব।
উত্তৰ প্ৰদেশত নিৰ্বাচিত ১১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৮ গৰাকী বিজেপিৰ, এজনকৈ আপ, ঝাৰখণ্ড মুক্তি মৰ্চা, সমাজবাদী পাৰ্টি আৰু আৰ এল ডি (ৰাষ্ট্ৰীয় লোক দল)ৰ আৰু নিৰ্দলীয় ছিবাল।তামিলনাডুৰ পৰা বিজয়ী হৈছে শাসক দলৰ এছ কল্যাণসুন্দৰম, আৰ গিৰিৰাজন আৰু কে আৰ এন ৰাজেশ কুমাৰ, এ আই এ ডি এম কেৰ চি ভে শনমুগাম আৰু আৰ ধৰ্মাৰ আৰু কংগ্ৰেছৰ চিদাম্বৰম।