বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ এইবাৰ মহাকাশত চীনে আৰম্ভ কৰিব নতুন অভিযান ৷সেয়েহে মহাকাশ গৱেষণা কেন্দ্ৰৰ নির্মাণ কার্য সম্পূর্ণ কৰিবলৈ তৎপৰ হৈ পৰিছে চীনে ৷ ইয়াৰ অংশ হিচাপে চীনে দেওবাৰে তিনিজন মহাকাশচাৰীসহ প্ৰেৰণ কৰিব এখন বিশেষ মহাকাশযান ৷মহাকাশচাৰী কেইগৰাকীয়ে ছমাহ টিয়ানহে নামৰ মহাকাশ গৱেষণা কেন্দ্ৰটোৰ আধৰুৱা নির্মাণ কার্য সম্পূর্ণ কৰিব ৷
চীন মানৱ মহাকাশ সংস্থাৰ এজন বিষয়াই জনোৱা মতে, দেওবাৰে উত্তৰ-পশ্চিম প্ৰদেশ গানছুৰ জিউকুয়ান উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা শ্বেনঝৌ-১৪ মহাকাশযানখন উৎক্ষেপন কৰা হ’ব ৷ মিছন কমাণ্ডাৰ চেন ডঙৰ সৈতে লিউ ইয়াং আৰু কাই জুজে এই মহাকাশযান খনেৰে মহাকাশযানৰে ভ্ৰমণ কৰিব ৷ এজেন্সীৰ এজন বিষয়া লিন জিকিয়াঙে কয় যে এই উৎক্ষেপনৰ বাবে সকলো প্ৰস্তুতি সম্পূর্ণ হৈছে।
শ্বেনঝৌ-১৪ হ’ব চাৰিটা মহাকাশচাৰীসহ অভিযানৰ ভিতৰত তৃতীয়টো অভিযান ৷ বছৰৰ শেষৰ ফালে মহাকাশ কেন্দ্ৰটো সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় মুঠ ১১টা অভিযানৰ ভিতৰত এয়া হৈছে সপ্তমটো অভিযান । চীনে ২০২১ চনৰ এপ্ৰিল মাহত নিজৰ তিনিটা মডিউলযুক্ত মহাকাশ কেন্দ্ৰ নিৰ্মাণ আৰম্ভ কৰিছিল ৷
মেট্ৰ’ বাছতকৈ অলপ ডাঙৰ টিয়ানহে নামৰ মহাকাশ গৱেষণা কেন্দ্ৰটো টি আকৃতিৰ ৷ মহাকাশ কেন্দ্ৰটো সম্পূৰ্ণ হোৱাৰ পিছত ভ্ৰমণকাৰী মহাকাশচাৰীসকলৰ বাসস্থান হিচাপে ব্যৱহাৰ কৰিব পাৰিব ৷ শ্বেনঝৌ-১৪ৰ পিছত বাকী দুটা মডিউল ক্ৰমে ৱেণ্টিয়ান আৰু মেংটিয়ান ক্ৰমে জুলাই আৰু অক্টোবৰ মাহত মুকলি কৰা হ’ব। ৱেণ্টিয়ানত থাকিব ৰবটিক আৰ্ম, ষ্টেচনৰ বাহিৰলৈ যোৱাৰ বাবে এয়াৰলক কেবিন, অতিৰিক্ত তিনিজন মহাকাশচাৰীৰ বাবে বাসস্থান।