সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে গণ্য কৰা শচীন টেণ্ডুলকাৰ সমগ্ৰ বিশ্বৰ পেচাৰসকলক খেলৰ সময়ত চাপত ৰাখিবলৈ সক্ষম হৈছিল ৷ বিশ্বৰ সর্বশ্ৰেষ্ঠ পেচাৰসকলৰ বল হেলাৰঙে খেলি তেণ্ডুলকাৰে দেখুৱাইছিল নিজৰ পাৰদর্শিতা ৷ তেনে এজন পেচাৰ হৈছে পাকিস্তানৰ ছোৱেইব অখতাৰ ৷ টেণ্ডুলকাৰে বেছিভাগ সময়তে আখতাৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ যাৰ বাবে ২০০৬ চনত ভাৰতৰ পাকিস্তান ভ্ৰমণৰ সময়ত ইচ্ছাকৃতভাৱে টেণ্ডুলকাৰক আঘাত কৰিব বিচাৰিছিল আখতাৰে ৷ শেহতীয়াকৈ স্বয়ং আখতাৰে প্ৰকাশ কৰিছে এই কথা ৷
স্প’ৰ্টস্কিডাত হোৱা এক সাক্ষাৎকাৰৰ সময়ত আখতাৰে কয়, “মই ইচ্ছাকৃতভাৱে সেই মেচখনত শচীনক আঘাত কৰিব বিচাৰিছিলো (কাৰাচী টেষ্ট, ২০০৬)। মই দৃঢ়প্ৰতিজ্ঞ আছিলো যে সেই টেষ্টত মই যিকোনো মূল্যৰ বিনিময়ত শচীনক আঘাত কৰিব লাগিব। ইনজামামে বাৰে বাৰে উইকেটৰ সন্মুখত বলিং কৰিবলৈ মোক কৈ আছিল ৷ কিন্তু মই শচীনক আঘাত কৰিব বিচাৰিছিলো। সেয়েহে মই তেওঁৰ হেলমেটক লক্ষ্য কৰি বলিং কৰিছিলো আৰু মই ভাবিলোঁ যে মোৰ বলৰ আঘাতত তেওঁৰ মৃত্যু হ’ব। কিন্তু যেতিয়া মই ভিডিঅ’টো চাইছিলো তেতিয়া দেখিছিলোঁ যে শচীনে অতি দক্ষতাৰে মোৰ বলৰ পৰা নিজৰ মূৰটো ৰক্ষা কৰিবলৈ সক্ষম হৈছে ৷”
আখতাৰে লগতে কয় যে তেওঁ শচীনক আঘাত কৰিবলৈ লক্ষ্য কৰি থকাৰ সময়তে পেচাৰ মহম্মদ আছিফে সুন্দৰ বলিঙেৰে ভাৰতীয় ক্ৰিকেটাৰসকলৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিছিল ৷