আবুধাবিত যোৱা ৪জুনত অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী (আইফা) বটাঁ প্ৰদান অনুষ্ঠান ৷ য’ত ঘোষণা কৰা হয় চলিত বর্ষৰ বিভিন্ন শিতানৰ বটাঁসমূহ ৷ এইবাৰ সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী অভিনীত ছবি শ্বেৰশ্বাহে লাভ কৰে শ্ৰেষ্ঠ ছবিৰ বঁটা। একেখন ছবিৰ বাবেই বিষ্ণু বর্ধানক শ্ৰেষ্ঠ পৰিচালকৰ সন্মান প্ৰদান কৰা হয় ৷ লগতে শ্বেৰশ্বাহৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে সন্দীপ শ্ৰীবাস্তৱে। চৰ্দাৰ উধাম আৰু মিমিত অভিনয় কৰি ক্ৰমে শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে বিকি কৌশল আৰু কৃতী চাননে। সুনীল ছেট্টীৰ পুত্ৰ আহন ছেট্টীয়ে ‘তড়প’ নামৰ ছবিখনত অভিনয় কৰাৰ বাবে শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ সন্মান লাভ কৰাৰ বিপৰীতে ছৰ্ভাৰী ৱাগে বান্টি ঔৰ বাবলি ২ত অভিনয় কৰাৰ বাবে শ্ৰেষ্ঠ অভিষেক মহিলাৰ সন্মান লাভ কৰে।
আইফাত কোনে কি সন্মান লাভ কৰিলে –
শ্রেষ্ঠ ছবি – শ্বেৰশ্বাহ
শ্ৰেষ্ঠ পৰিচালক – বিষ্ণু বর্ধান, শ্বেৰশ্বাহ
মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা – বিকি কৌশল, চৰ্দাৰ উধাম
মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী – কৃতী চানন, মিমি
সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা – পংকজ ত্ৰিপাঠী, লুডো
সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী – ছাই তামহাংকাৰ
শ্ৰেষ্ঠ নৱাগত পুৰুষ অভিনেতা – আহান ছেট্টি, তাদাপ
শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – ছর্বৰী ৱাঘ, বান্টি ঔৰ বাবলি ২
শ্ৰেষ্ঠ প্লেবেক গায়ক – জুবিন নটিয়াল, ৰাতে লম্বিয়া, শ্বেৰশ্বাহ
শ্ৰেষ্ঠ প্লেবেক গায়িকা – আছিছ কৌৰ, ৰাতে লম্বিয়া, শ্বেৰশ্বাহ
শ্ৰেষ্ঠ সংগীত পৰিচালক(যুটীয়াভাৱে ) – এ আৰ ৰহমান, আতৰংগীৰে আৰু তানিস্ক বাগচি, জছলিন ৰয়েল, জাভেদ-মোহচিন, বিক্ৰম মন্ট্ৰ’জ, বি প্ৰাক, শ্বেৰশ্বাহ
শ্ৰেষ্ঠ চিত্ৰনাট্য – সন্দীপ শ্ৰীবাস্তৱ, শ্বেৰশ্বাহ
শ্ৰেষ্ঠ সংলাপ – অনুভৱ সিনহা আৰু মৃণময়ী লাগু, থাপ্পড়