কেৱল ম’বাইল গে’মৰ বাবেই এইখন দেশতে সংঘটিত হৈছে মাতৃহত্যাৰ এক শিহৰণকাৰী ঘটনা ৷ ম’বাইলৰ গে’ম খেলাত বাধা দিয়াৰ বাবেই নিজ মাতৃক পিতৃৰ ৰিভলভাৰেৰে গুলীয়াই হত্যা কৰিলে ১৬বছৰীয়া পুত্ৰই ৷ লক্ষ্ণৌত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড ৷স্বামী ক’লকাতাত সেনা বিষয়া হিচাপে কৰ্মৰত বাবেই ১৬ বছৰীয়া পুত্ৰ আৰু ১০ বছৰীয়া কন্যাৰ স’তে লক্ষ্ণৌত বাস কৰিছিল সাধনা সিং নামৰ ৪০বছৰীয়া মহিলাগৰাকীয়ে ৷
অৱশেষত পাব-জি খেলাত বাধা প্ৰদান কৰাই কাল হ’ল এইগৰাকী মাতৃৰ বাবে ৷ পিতৃৰ ৰিভলভাৰেৰে মাতৃক হত্যা কৰি তিনি দিন ধৰি লুকুৱাই ৰাখিলে হত্যাকাৰী পুত্ৰই ৷ ঘটনাক গাপ দিবলৈ ১০বছৰীয়া ভনীয়েককো লুকুৱাই থ’লে এটা কোঠাত ৷ জানিব পৰা মতে মাতৃক হত্যা কৰাৰ পিছতো ১৬ বছৰীয়া কিশোৰজনে অব্যাহত ৰাখিছিল পাব-জিৰ এই ম’বাইলৰ খেল ৷
মংগলবাৰে সন্ধিয়া মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধৰ বাবেই পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷