মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্রীসভা সম্প্ৰসাৰণৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। সেই অনুসৰি কাইলৈ বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নতুনকৈ অন্তর্ভুক্ত হােৱা মন্ত্রীসকলক শপতগ্ৰহণ কৰােৱা হ’ব। মন্ত্রী সভাত নতুনকৈ দুজন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে এই সম্প্রসাৰণ ঘটোৱা হ’ব। নতুনকৈ শপত ল’বলগীয়া মন্ত্রীদ্বয় হৈছে –
১) নন্দিতা গার্লোচা
২) জয়ন্ত মল্ল বৰুৱা