যোৱা ৮ বছৰত ভাৰতৰ জৈৱ অৰ্থনীতি ৮ গুণ বৃদ্ধি পাইছে ৷ বায়’টেক গ্ল’বেল ইক’চিষ্টেমৰ শীৰ্ষ দহখন দেশৰ তালিকাত ভাৰতে স্থান লাভ কৰিবলৈ আৰু অধিক দিন অপেক্ষা কৰিবলগীয়া নহ’ব ৷ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত বায়’টেক ষ্টাৰ্টআপ এক্সপ’ ২০২২ত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে দুদিনীয়া এই এক্সপ’ দেশৰ বায়’টেক খণ্ডত হোৱা উন্নয়নৰ প্ৰতিফলন।
তেওঁ কয় -‘বায়’প্ৰযুক্তি খণ্ডত ভাৰতক সুযোগৰ ভূমি হিচাপে গণ্য কৰা হৈছে। বৈচিত্ৰময় জনসংখ্যা, বৈচিত্ৰময় জলবায়ু মণ্ডল, প্ৰতিভাৱান মানৱ মূলধন , ব্যৱসায় সহজ কৰাৰ দিশত প্ৰচেষ্টা আৰু জৈৱ সামগ্ৰীৰ চাহিদা – মূলতঃ এই ৫টা কাৰণতে ভাৰতে এই ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিছে ৷’ তেওঁ কয় যে ভাৰতত ৬০টা ভিন্ন উদ্যোগৰ মাজেৰে যোৱা আঠ বছৰত ষ্টাৰ্ট-আপৰ সংখ্যা ৭০ হাজাৰলৈ বৃদ্ধি পাইছে। ইয়াৰে ৫ হাজাৰতকৈ অধিক ষ্টাৰ্ট-আপ জৈৱ প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত।
মোদীয়ে কয়- “বায়’প্ৰযুক্তি খণ্ডটো হৈছে আটাইতকৈ চাহিদা থকা খণ্ডসমূহৰ ভিতৰত অন্যতম। বছৰ বছৰ ধৰি ভাৰতত ইজ অৱ লিভিঙৰ অভিযানে জৈৱ প্ৰযুক্তি খণ্ডৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ আমি পেট্ৰ’লত ১০ শতাংশ ইথানল মিহলি কৰাৰ লক্ষ্যত উপনীত হৈছো। ভাৰতে পেট্ৰ’লত ২০ শতাংশ ইথানল মিশ্ৰণৰ লক্ষ্যও ২০৩০ চনৰ পৰা ২০২৫ চনলৈ পাঁচ বছৰ হ্ৰাস কৰিছে। এই সকলোবোৰ প্ৰচেষ্টাই জৈৱ প্ৰযুক্তি খণ্ডত নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব।“উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, পীয়ুষ গোয়াল, আৰু ধৰ্মেন্দ্ৰ প্ৰধানো উপস্থিত আছিল।