আজি বিশ্বমহাবীৰ আলেকজেণ্ডাৰৰ স্মৃতি দিৱস । বিশ্বৰ অতিশয় প্ৰভাৱশালী মহাবীৰসকলৰ ভিতৰত অন্যতম আছিল আলেকজেণ্ডাৰ । খ্ৰীষ্টপূৰ্ব ৩৩৫ চনত ৰজা ফিলিপৰ মৃত্যুৰ পিছত পুত্ৰ হিচাপে তেওঁ প্ৰাচীন গ্ৰীক ৰাজ্য মেচিডনিয়াৰ সিংহাসনত বহে । তেওঁৰ গৃহশিক্ষক আছিল দাৰ্শনিক এৰিষ্টটল । ২০ বছৰ বয়সতে ৰজা হোৱা আলেকজেণ্ডাৰে বিশ্ববিজয় অভিযানত নামি পাৰস্য, আফগানিস্তান হৈ ভাৰতত প্ৰৱেশ কৰে আৰু পঞ্জাব জয় কৰে । তেওঁৰ লক্ষ্য গংগা উপত্যকা বিজয় আছিল যদিও তেওঁৰ সৈন্যসকলে বিদ্ৰোহ কৰাত অভিযান আধাতে সামৰি স্বদেশ অভিমুখে প্ৰত্যাৱৰ্তন কৰে । কিন্তু স্বদেশ গৈ পোৱাৰ পূৰ্বে আদবাটতে (বেবিলনত) ৩২৩ খ্ৰীষ্টপূৰ্বত তেওঁৰ মৃত্যু হয় । মহাবীৰগৰাকীক আমি শ্ৰদ্ধাৰে সুৱৰিছোঁ ।
আজি বিশিষ্ট অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা লেখক গিৰীশ কৰ্ণাডৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নামটো আছিল গিৰীশ ৰঘুনাথ কৰ্ণাড । তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলীউডৰ সৈতে জড়িত আছিল । তেওঁ এগৰাকী নাট্যকাৰ হিচাপেও প্ৰসিদ্ধ । ১৯৯৮ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰে । ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানো প্ৰদান কৰে । ২০১৯ চনৰ আজিৰ দিনটোতে বাংগালুৰুত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । এইগৰাকী সাংস্কৃতিক কৰ্মীলৈ আমাৰ প্ৰণাম ।