পৰৱৰ্তী তিনি দিনৰ বাবে অসম আৰু মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) ৷ কিয়নো বিভাগটোৱে ভৱিষ্যতবাণী কৰিছে যে অহা তিনিদিনত উক্ত দুইখন ৰাজ্যতে হ’ব অত্যাধিক বৰষুণ ৷ আগজাননি অনুসৰি ১৩ জুনলৈকে এই দুইখন ৰাজ্যত হ’ব অত্যন্ত ধাৰাসাৰ বৃষ্টিপাত ।আনহাতে বতৰ বিজ্ঞান বিভাগে অৰুণাচল প্ৰদেশত শনিবাৰ অৰ্থাৎ ১১জুনৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে ।
বতৰ বিভাগে কৈছে যে ৯ জুনৰ পৰা ১৩ জুনলৈ সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত বজ্ৰপাত আৰু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।ৰেড এলাৰ্ট জাৰি কৰাৰ সময়ত আইএমডিয়ে অসম আৰু মেঘালয়ৰ বেছিভাগ ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সতৰ্কবাণী দিছিল ৷ইফালে শনিবাৰে অৰুণাচলত বৰষুণৰ তীব্ৰতাও একে হ’ব বুলি জনাইছে কেন্দ্ৰটোৱে।
আইএমডিৰ তথ্য অনুসৰি বৃহস্পতিবাৰে মেঘালয়ত ধাৰাসাৰ বৰষুণ হৈছিল আৰু ই আছিল স্বাভাৱিক হাৰৰ ১১০শতাংশতকৈও অধিক ৷ আনহাতে অসমত স্বাভাৱিক পৰিসৰত বৰষুণৰ অৰ আছিল ১০০শতাংশ ৷ নাগালেণ্ডতো বৃহস্পতিবাৰে স্বাভাৱিকতকৈ ৫৪শতাংশ অধিক হাৰত বৃষ্টিপাত হোৱা বুলি জনাইছিল বতৰ বিজ্ঞান বিভাগটোৱে । আনহাতে ইয়াৰ বিপৰীতে দিনটোত মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণৰ যথেষ্ট অভাৱ আছিল।