এমাহতে চতুৰ্থ বাৰলৈ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য ৷ প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে আজি ভাৰতীয় টকাৰ আভিলেখকাৰী মূল্য হ’লগৈ নিম্নতম ৭৭.৮২টকা ৷আজি আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য বৃহস্পতি বাৰৰ তুলনাত ৮ পইচা হ্ৰাস হৈ নিম্নতম ৭৭.৮২ টকা হৈছেগৈ ৷
বৃহস্পতিবাৰে, আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৬ পইচা হ্ৰাস হৈ ৭৭.৭৪ত স্তব্ধ হয়। ৰিলায়েন্স চিকিউৰিটিজৰ জ্যেষ্ঠ গৱেষণা বিশ্লেষক শ্ৰীৰাম আয়াৰে কয় যে, গ্ৰীণবেকৰ ৰাতিটোৰ শক্তি অনুসৰণ কৰি এই শুক্ৰবাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য দুৰ্বল হৈ পৰিছিল।
আনহাতে বিশ্বব্যাপী তেলৰ হাৰো ০.৬৬ শতাংশ হ্ৰাস হৈ প্ৰতি বেৰেলত ১২২.২৬ আমেৰিকান ডলাৰ হৈছে।