দুবছৰ পূৰ্বে ক’ভিডৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ঘৰলৈ ওভতি যোৱাত সহায় কৰি দেশবাসীৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল অভিনেতা চনু ছুদে ৷ কেবল লকডাউনৰ সময়তে নহয়, আন বিভিন্ন সময়ত আর্তজনক সহায় কৰি নিজৰ মহানুভৱতা প্ৰকাশ কৰি আহিছে অভিনেতাজনে ৷ এইবাৰ জনপ্ৰিয় তাৰকা গৰাকীৰ বাবেই এক স্বাভিৱিক জীৱন লাভ কৰিবলৈ সক্ষম হ’ল বিহাৰৰ এগৰাকী কণমানি শিশুৱে ৷ চনু ছুদৰ উদ্যোগতে চাৰিখন ভৰি আৰু চাৰিখন হাতৰ সৈতে জন্ম লাভ কৰা এই শিশুটিৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে ৷ টুইটাৰযোগে নিজে এই কথা প্ৰকাশ কৰিছে অভিনেতাজনে ৷
উল্লেখ্য যে বিহাৰৰ চৌমুখী নামৰ শিশুটিৰ জন্ম হৈছিল চাৰিখন ভৰি চাৰিখন হাতৰ সৈতে। বৃহস্পতিবাৰে চৌমুখী আৰু নিজৰ ছবি শ্বেয়াৰ কৰি চনুৱে তেওঁৰ অনুৰাগীসকলক কয় যে শিশুটিৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হৈছে।
অস্ত্ৰোপচাৰৰ পূৰ্বে আৰু পিছত চৌমুখীৰ ছবি পোষ্ট কৰি চনুৱে লিখিছে, “মোৰ আৰু চৌমুখী কুমাৰীৰ এই যাত্ৰা এতিয়া সফল হোৱা বুলি প্ৰমাণিত হ’ল ৷ বিহাৰৰ এখন সৰু গাঁৱত চাৰিখন ভৰি চাৰিখন হাতেৰে জন্ম হৈছিল চৌমুখী। এতিয়া তাই সফল অস্ত্ৰোপচাৰৰ পিছত ঘৰলৈ উভতি যাবলৈ সাজু হৈছে।”চৌমুখীক অস্ত্ৰোপচাৰৰ বাবে চুৰাটলৈ প্ৰেৰণ কৰে চনুৱে। বুধবাৰে ৭ ঘণ্টাজোৰা অস্ত্ৰোপচাৰ কৰা হৈছিল শিশুটিৰ ৷