চমু চাপি আহিছে গুজৰাটৰ বিধানসভা নির্বাচনৰ দিন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্যখনৰ নির্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ বিশেষকৈ বিজেপিৰ সমান্তৰালকৈ আপ গুজৰাটত সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যখন শেহতীয়াকৈ কেইবাবৰো ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰ’ড শ্ব’ৰ লগতে কল্যাণমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিছে ৷ শুকুৰবাৰে পুৱা গুজৰাটত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱছাৰীত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।নৱছাৰীত অনুষ্ঠিত অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ‘বিগত দুটা দশকৰ ভিতৰত ৰাজ্যখনত যি দ্ৰুত বিকাশ ঘটিছে সেয়া হৈছে গুজৰাটৰ গৌৰৱ। বিগত ৮ বছৰত সবকা সাথৰ মন্ত্ৰ সবকা বিকাশৰ মন্ত্ৰ মানি আমাৰ চৰকাৰে ৰাজ্যৰ জনসাধাৰণৰ কল্যাণৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে।’-
প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে দেশত দীৰ্ঘদিন ধৰি ক্ষমতাত থকা সকলে জনজাতীয় অঞ্চলৰ উন্নয়নৰ প্ৰতি কেতিয়াও আগ্ৰহ প্ৰকাশ কৰা নাছিল ৷ কাৰণ ইয়াৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন ৷ তেওঁ কয় –“ মই ভোটৰ স্বাৰ্থত বা নিৰ্বাচনত জয়ী হ’বলৈ উন্নয়নমূলক কামৰ আৰম্ভ নকৰে, বৰঞ্চ মানুহৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবেহে এনে আঁচনি গ্ৰহণ কৰো ৷ “
উল্লেখ্য যে নৱছাৰী জিলা হৈছে জনজাতীয় অঞ্চল।আজি নৱছাৰীত এখন চিকিৎসালয়, স্বাস্থ্যসেৱা কমপ্লেক্স আৰু শৈক্ষিক কমপ্লেক্স উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। তদুপৰি আহমেদাবাদত তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিব ৷ ২০২২ চনৰ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ কেইমাহমান পূৰ্বে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে তাৎপর্য বহন কৰিছে ।