অৱশেষত কাৰাগাৰৰ পৰা ওলাল আলফাৰ আলোচনাপন্থী গোটৰ সদস্য আন্দোলন পানিকা ৷ আদালতত হাজিৰ হ’ব নোৱাৰাৰ বাবেই আহিছিল ৱাৰেন্ট। আইনী প্ৰক্ৰিয়াত কোনো লোকে সহায় কৰিবলৈ আগবাঢ়ি নহাৰ বাবে ৫ টা বছৰ থাকিবলগীয়া হ’ল কাৰাগাৰত।অৱশেষত শুকুৰবাৰে কাৰাগাৰৰ পৰা ওলাল আন্দোলন পানিকা।
অসম আন্দোলনৰ সময়ত জন্ম হোৱাৰ বাবে আন্দোলন পানিকা নাম ৰাখিছিল পিতৃ-মাতৃয়ে । ‘স্বাধীন অসম’ৰ সপোন দেখি ২০০২ চনত ডিব্ৰুগড় জিলাৰ নামৰূপ কাৱৈমাৰিৰ আন্দোলন পানিকাই যোগদান কৰিছিল নিষিদ্ধ ঘোষিত সংগঠন আলফাত ।অৱশ্যে ২০০৭ চনত গ্ৰেপ্তাৰ হোৱাৰ পিছত আলোচনাপন্থী গোটৰ কেম্পত আছিল আন্দোলন।
বিয়া কৰোৱাৰ পিছত ঘৰত থাকি বিভিন্ন কৰ্মৰে জীৱন নিৰ্বাহ কৰি আছিল পানিকাই।দৰিদ্ৰ পৰিয়ালটোত পত্নী আৰু তিনি সন্তানৰ সৈতে যেনে- তেনে চলি আছিল যুৱকজন । তেনে সময়তে পুৰণি এটা গোচৰৰ ৱাৰেণ্ট অহাৰ বাবে এৰেষ্ট হোৱাৰ পিছত জামিন ল’বলৈ অথবা উকিলৰ সৈতে যোগাযোগ কৰি আইনী প্ৰক্ৰিয়াত আগবাঢ়িবলৈ অসমৰ্থ হ’ল দৰিদ্ৰ পৰিয়ালটো। সতীৰ্থসকলেই হওঁক বান আন,কোনোৱেই আগবাঢ়ি অহা নাছিল কোনো এজন লোক। আলফা নেতা মৃনাল হাজৰিকাই কেৱল খবৰ লয়েই দায়িত্ব সামৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল আন্দোলনে।
২০১৮ চনৰ পৰা পাঁচটাকৈ বছৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকাৰ পিছত এতিয়া কি কৰিব ঠিৰাং কৰিব পৰা নাই আন্দোলনে।ইফালে, স্বামী অবিহনে তিনি সন্তানৰ সৈতে পানিকাৰ পত্নীয়ে বহু দুখ-কষ্টৰে পাঁচটা বছৰ পাৰ কৰিবলগীয়া হ’ল। সেয়েহে অৱশেষত উপায়ন্তৰ হৈ পৰিয়ালটোক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে আন্দোলন পানিকাই।