অসমৰ প্ৰকৃতি প্ৰেমী সকলৰ বাবে এক সুখবৰ ৷ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙলৈ বিশ্বনাথৰ ‘গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনে’ আগবঢ়াইছে এক বিশেষ সন্মান ৷ বিশ্বনাথৰ মোনাবাৰীৰ ‘গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যন’ৰ উদ্যোগত অনুষ্ঠিত পৰিবেশ সম্পৰ্কীয় সজাগতা সভাত এই সন্মান প্ৰদান কৰা হ’ল অৰণ্য মানৱ গৰাকীক ৷ উল্লেখযোগ্য যে বিশ্বনাথৰ জ্যেষ্ঠ অধিবক্তা ও প্ৰকৃতি প্ৰেমী কুমূদ বৰুৱাকো প্ৰদান কৰা হয় পৰিবেশ সচেতনতাৰ এক বিশেষ বঁটা ৷
আনহাতে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ‘গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যন’ৰ উদ্যোগত বিশ্বনাথৰ বিভিন্ন স্থানত গছপুলিও ৰোপন কৰা হয় ৷