বিহাৰৰ সীতামড়ী জিলাত অবৈধভাৱে ভাৰত-নেপাল সীমান্ত অতিক্ৰম কৰা দুজন চীনা নাগৰিকক গ্ৰেপ্তাৰ কৰে সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিয়ে । ৫১ বেটেলিয়নৰ এছ এছ বিৰ কমাণ্ডাৰ ৰাজন কুমাৰ শ্ৰীবাস্তৱৰ মতে, ধৃত চীনা নাগৰিক দুজনৰ নাম হৈছে ইউং হাই লুং (৩৪) আৰু লো লুং (২৮) ৷ সন্ধিয়া প্ৰায় ৭:৪৫ বজাত সীতামাৰীৰ চুছান্দ থানাৰ অন্তৰ্গত ভিথামোৰ সীমান্ত চকীৰে ভাৰতৰ পৰা নেপালত প্ৰৱেশ কৰিবলৈ লোৱা অৱস্থাত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। সোমবাৰে দুয়োজনকে আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। আশ্চর্যজনকভাৱে দুই চীনা নাগৰিকে অসমীয়া দুই ব্যক্তিৰ নামত খুলিছিল বেংক একাউণ্ট ৷ এটা ব্যক্তিগত বেংকৰ পৰা ধৃত নাগৰিক দুজনে অসমীয়া লোকৰ নামত বেংক একাউণ্ট খোলাৰ লগতে সংগ্ৰহ কৰিছিল এ টি এম কার্ড ৷
এছ এছ বিৰ জোৱানসকলে তেওঁলোকৰ পৰা দুখন পাছপ’ৰ্ট, মোবাইল ফোন, পাৱাৰ বেংক, এ টি এম কাৰ্ড, আমেৰিকাৰ মুদ্ৰাত ১৩৩ ডলাৰ, ভাৰতীয় মুদ্ৰাৰ ২ হাজাৰ টকা , ঔষধ, চিগাৰেট আৰু এয়াৰলাইনৰ বৰ্ডিং পাছ জব্দ কৰে। এছ এছ বি আৰু সীতামাৰী আৰক্ষীৰ যুটীয়া জেৰাৰ সময়ত প্ৰকাশ কৰা অনুসৰি চীনা নাগৰিক কেইজনে যোৱা ২৩ মে’ত থাইলেণ্ডৰ পৰা এগৰাকী মহিলাৰ সৈতে কাঠমাণ্ডুত প্ৰৱেশ কৰে আৰু এমাহৰ বাবে নেপালী ভিছা লাভ কৰে ৷সীতামাৰীৰ আৰক্ষী অধীক্ষক হৰকিশোৰ ৰায়ে জনোৱা মতে, চীনা নাগৰিক দুজনে স্বীকাৰ কৰিছে যে তেওঁলোকে নেপাল সীমান্ত হৈ উত্তৰ প্ৰদেশৰ গোৰখপুৰত প্ৰৱেশ কৰিছিল।