আভিজাত্যৰ বিৰল প্ৰতীক আহোম কুঁৱৰী সকলে আহোম ৰাজত্ব কালত কেইবাগৰাকী নাৰীয়ে নিজ প্ৰতিভাৰে চিৰ’যুগমীয়া খ্যাতি ৰাখি যাবলৈ সক্ষম হৈছে। এই নাৰী সকলৰ ভিতৰত এগৰাকী হ’ল মনিপুৰ জীয়ৰি আহোম ৰজা ৰাজেশ্বৰ সিংহৰ পত্নী কুৰংগনয়নী।
মান ৰজাই মণিপুৰ আক্ৰমণ কৰাত সেই সময়ৰ আহোম ৰজা ৰাজেশ্বৰ সিংহৰ সহায় বিচাৰে। ৰাজেশ্বৰ সিংহই মণিপুৰৰ ৰজাৰ অনুৰোধ ৰক্ষা কৰি তেওঁক সহায় কৰাৰ আশ্বাস দি সেনাপতি সহ এদল সৈন্য পঠিয়াই দিলে। ইতিমধ্যে মান সেনা পলাই যোৱাত আহোম সৈন্যই মণিপুৰত যুদ্ধ কৰিব লগা নহ’ল।
অসমৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সহায় কৰিবলৈ অহাৰ কাৰণে মণিপুৰৰ ৰজাই তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ নিজৰ জীয়েক কুৰংগনয়নীক বিয়া দিবলৈ সিদ্ধান্ত কৰি আহোম ৰজাৰ লগত মিত্ৰতা কৰে। আহোম ৰজাই কুৰংগনয়নীক আহোমৰ চকলং প্ৰথাৰে বিয়া পাতি পিছত বৰজনা আই কুঁৱৰী পাতিলে।
১৭৬৯ চনত ৰাজেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেওঁৰ ভায়েক লক্ষ্মী সিংহ ৰাজপাটত বহিল। কিন্তু তেওঁৰ শাসন কালতে আহোম ৰাজ্যত মোৱামৰীয়া বিদ্ৰোহৰ নেতা ৰাঘ মৰাণে ৰংপুৰ আক্ৰমণ কৰি লক্ষ্মী সিংহক জয়দ’লত বন্দী কৰি ৰাখিলে। ৰাঘ মৰাণৰ দৃষ্টি ৰজাঘৰীয়া জীয়ৰি-বোৱাৰীৰ ওপৰত পৰিল। ৰাজেশ্বৰ সিংহৰ ৰাজ কুঁৱৰী কুৰংগনয়নীক ৰাঘ মৰাণৰ অন্তেষপুৰত স্থান দিলে। কিন্তু কুৰংগনয়নীৰ সতীত্ব যাতে ৰাঘ মৰাণে নষ্ট কৰিব নোৱাৰে তাৰ বাবে তেওঁ নিজে বিছনাত এজনী লিগিৰীক শুবলৈ দি নিজে আন বিছনাত শুইছিল। কুৰংগনয়নীয়ে অন্তেষপুৰত থাকিয়েই লিগিৰীৰ সহযোগত বিষয়া-মন্ত্ৰীৰ লগত যোগাযোগ কৰিবলৈ ধৰিলে আৰু অন্তেষপুৰৰ পৰাই কুৰংগনয়নীয়ে ৰাঘ মৰাণক মাৰিবলৈ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে।
কুৰংগনয়নীয়ে কৰা ষড়যন্ত্ৰ অনুসৰি বিহুৰ দিনা ৰাইজক সেৱা কৰাৰ ছলেৰে বাহিৰলৈ উলিয়াই আনি ৰাঘ মৰাণক দাৰে ঘপিয়াই হত্যা কৰে।
ৰাঘ মৰাণক হত্যা কৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগে মোৱামৰীয়াৰ মাজত হুৱাদুৱা লাগিল। এনে পৰিস্থিতিত ৰজা ৰাজকাৰেং এৰি পলাই গ’ল। ৰজা লক্ষ্মীসিংহ পুনৰ আহোম ৰাজ সিংহাসনত বহিল। বৰ কুঁৱৰী কুৰংগনয়নীৰ অদম্য সাহস আৰু বুদ্ধিৰ বাবে মোৱামৰীয়াৰ প্ৰথম বিদ্ৰোহ প্ৰতিহত কৰি আহোম ৰাজ্যৰ সন্মান পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল।
নাৰী ত্যাগৰ প্ৰতীক , সাহসৰ প্ৰতীক হোৱাৰ উপৰিও যুগে যুগে ভাৰতীয় নাৰীয়ে দেশৰ বা নিজৰ ৰাজ্যৰ হিতৰ কাৰণে যি অৱদান ৰাখি থৈ গ’ল সেৱা চিৰ’কাললৈ চিৰ’যুগমীয়া হৈ থাকিব।