সোমবাৰৰ নিশাৰ পৰা হোৱা নেৰেনেপেৰা বৰষুণত জলবন্দী হৈ পৰিল মহানগৰবাসী ৷ ধাৰাষাৰ বৰষুণৰ ফলত জমা হোৱা বৰষুণৰ পানীত জলমগ্ন হৈ পৰিল মহানগৰীৰ বিস্তীর্ণ অঞ্চল ৷ মূল পথসমূহৰ লগতে মহানগৰীখনৰ অধিকাংশ উপপথেই বুৰ গ’ল পানীত ৷ অনিল নগৰ , নবীন নগৰ , আৰ জি বৰুৱা ৰড, হাতীগাৱ, বেলতলা সকলোতে যেনিয়ে চায় তেনিয়ে মাথো পানী ৷ কৃত্ৰিম বানৰ বাবে সৃষ্টি হোৱা বানপানীৰ ফলত কেবল মহানগৰবাসী ঘৰতে বন্দী হৈ থাকিবলগীয়া হ’ল এনে নহয়, বৰঞ্চ বিভিন্ন কামলৈ ওলাই অহা লোকসকল আধা ৰাস্তাৰ পৰাই ওভতি যাবলগীয়া হ’ল ৷ আন বহুজনৰ অকৌ কৃত্ৰিম বানৰ মাজতে বাহন বেয়া হোৱাত অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় ৷ চৰকাৰী বেচৰকাৰী কার্যালয়, স্কুল- কলেজ আদিত দেখা গ’ল সেৰেঙা উপস্থিতি ৷
কেবল কৃত্ৰিম বানেই নহয়, নেৰা নেপেৰা বৰষুণৰ ফলত পাহাৰীয়া এলেকাসমূহত ব্যাপক ভূমিস্খলন সংঘটিত হয় ৷ কামাখ্যাত পাহাৰ খহি অহা মাটি আৰু শিলে পথত যান বাহন চলাচলত অসুবিধাৰ সৃষ্টি কৰে ৷ সেইদৰে কাঞ্চন নগৰত গার্ডৱাল খহি পৰাত কথমপি প্ৰাণৰক্ষা পৰে কেইবাটাও পৰিয়ালৰ ৷ ইপিনে বৰাগাৱত হোৱা ভূমিস্খলনৰ ফলত নিহত হৈছে চাৰিজনকৈ লোক ৷ নিশা শুই থকা অৱস্থাতে পাহাৰৰ পৰা খহি অহা মাটি আৰু শিলে পুতি পেলোৱাৰ ফলত লোক কেইজনৰ মৃত্যু ঘটে ৷ নিহত লোক কেইজনে এটা বিল্ডিঙৰ নির্মাণ কার্যত জঢ়িত আচিল বুলি জানিব পৰা গৈছে ৷ নিহত চাৰিজন লোকৰ ঘৰ কোকৰঝাৰ আৰু ধুবুৰীৰ বুলি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ৷
মহানগৰীখনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা উপায়ুক্তই জৰুৰী নির্দেশনা প্ৰদান কৰিছে ৷ অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ মহানগৰবাসীক আহ্বান জনাইছে জিলা প্ৰশাসনে ৷ তদুপৰি ভূমিস্খলন প্ৰৱণ এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ একেদৰে মুকলি কৰা হৈছে হেল্প লাইন নম্বৰ ৷ যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক 95082-09686, দিছপুৰ ৰাজহ চক্ৰ বিষয়াক 83760-29984 নম্বৰৰ লগতে প্ৰশাসনৰ টল ফ্ৰী নং 1077/93654-29314 নম্বৰত যোগাযোগ কৰিব পাৰে ৷ ফিল্ড অফিচাৰ গুৱাহাটী (DDMA) ক ৯৭০৭৭-২৭৪২২ আৰু ফিল্ড অফিচাৰ দিছপুৰ (DDMA) ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে ৷