দেশৰ সশস্ত্ৰ বাহিনীত নিযুক্তিৰ ক্ষেত্ৰত অভুতপূর্ব সালসলনি কৰিছে মোদী চৰকাৰে ৷ এতিয়াৰ পৰা সশস্ত্ৰ বাহিনীত চাৰি বছৰৰ বাবেও সাময়িক নিযুক্তি প্ৰদান কৰা হ’ব ৷ আজি কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে অগ্নিপথ নামৰ এই আঁচনি ৷ সশস্ত্ৰ বাহিনীৰ দৰমহা আৰু পেঞ্চনৰ ধন হ্ৰাস কৰি জৰুৰী অস্ত্ৰ ক্ৰয়ৰ বাবে পুঁজি মুকলি কৰাৰ লক্ষ্যৰে সশস্ত্ৰ বাহিনীৰ ক্ষেত্ৰত এই অগ্নিপথ আঁচনি কেন্দ্ৰই মুকলি কৰিছে ৷
এই পদক্ষেপ ঘোষণা কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এয়া এক “ঐতিহাসিক” সিদ্ধান্ত। এই ঘোষণাৰ সময়ত তিনিওটা সেৱা ক্ৰমে সেনা, নৌসেনা আৰু বায়ুসেনাৰ মুৰব্বী উপস্থিত থাকে ৷
এই আঁচনিৰ অধীনত ১৭.৫ বছৰৰ পৰা ২১ বছৰ বয়সৰ ভিতৰত প্ৰায় ৪৫ হাজাৰ লোকক চাৰি বছৰৰ বাবে এই সেৱাত অন্তৰ্ভুক্ত কৰা হ’ব। অহা ৯০ দিনৰ ভিতৰত নিযুক্তি আৰম্ভ হ’ব আৰু ২০২৩ চনৰ জুলাই মাহৰ ভিতৰত প্ৰথমটো গোট সাজু হ’ব।আঁচনিৰ বাবে নিৰ্বাচিত হোৱা সকলক অগ্নিবীৰ নামেৰে জনা যাব। অনলাইন কেন্দ্ৰীভূত ব্যৱস্থাৰ জৰিয়তে এই বাছনি কৰা হ’ব বুলি চৰকাৰে জানিবলৈ দিয়ে। অগ্নিবীৰসকলৰ বাবে শৈক্ষিক অৰ্হতা বাহিনীত নিয়মীয়া পদৰ মাপকাঠীৰ সৈতে একে হ’ব।
মহিলাসকলকো অগ্নিপথ আঁচনিৰ অধীনত নিযুক্তি দিয়া হ’ব বুলি নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰে জানিবলৈ দিয়ে। এই চাৰি বছৰীয়া কাৰ্যকালত ছমাহৰ প্ৰশিক্ষণ থাকিব। এই সময়ছোৱাত তেওঁলোকক ৩০,০০০-৪০,০০০ টকাৰ ভিতৰত মাহিলী দৰমহা আৰু ভাট্টা প্ৰদান কৰা হ’ব। লগতে চিকিৎসা আৰু বীমাৰ সুবিধাও লাভ কৰিব।
চাৰি বছৰৰ পাছত এই জোৱানসকলৰ মাত্ৰ ২৫ শতাংশকহে ৰখা হ’ব আৰু তেওঁলোকে নিয়মীয়া কেডাৰত যোগদান কৰি অফিচাৰ ৰেংকত সম্পূৰ্ণ ১৫ বছৰৰ বাবে সেৱা আগবঢ়াব।
বাকীসকলে ১১ লাখ – ১২ লাখৰ ভিতৰত পেকেজ লৈ সেৱাৰ পৰা বাহিৰ হ’ব লাগিব ৷ কিন্তু তেওঁলোকে পেঞ্চনৰ সুবিধাৰ বাবে যোগ্য নহ’ব। এই আঁচনিখন সফল হ’লে বাৰ্ষিক ৰাজহ আৰু পেঞ্চনৰ পৰিমান ব্যাপকভাৱে হ্ৰাস পাব ৷ অৱশ্যে এই আঁচনিখনে কিছুমান দিশৰ পৰা সমালোচনাৰ সন্মুখীন হৈছে ৷ সমালোচকসকলে যুক্তি দিছে যে ইয়াৰ ফলত প্ৰতিৰক্ষা বাহিনীসমূহৰ যুঁজাৰু মনোভাৱ আৰু পেছাদাৰিত্বত প্ৰভাৱ পৰিব।