ৰাষ্ট্ৰপতি নির্বাচনক লৈ তৎপৰ হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমুল কংগ্ৰেছৰ নেত্ৰী মমতা বেনার্জী ৷ বুধবাৰে দিল্লীত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছে এখন বিশেষ বৈঠকৰ ৷ উমৈহতীয়া প্ৰার্থী নির্বাচন আৰু ৰণকৌশল প্ৰস্তুত কৰিবলৈ আহ্বান জনোৱা হৈছে বৈঠকখনৰ ৷ মমতা বেনার্জীয়ে আহ্বান জনোৱা এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছে৷ জানিব পৰা মতে, তৃণমূল কংগ্ৰেছ নেতাগৰাকীয়ে আহ্বান জনোৱা বৈঠকত কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিব জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে, জয়ৰাম ৰমেশ আৰু ৰণদীপ সিং সুৰজেৱালাই।
এতিয়ালৈকে সম্ভাৱ্য ঐকমত্যৰ কথা ক’বলৈ গ’লে বিগত কেইদিনমানৰ পৰা এন চি পি নেতা শাৰদ পাৱাৰ অন্যতম সম্ভাৱ্য প্ৰাৰ্থী বুলি ইংগিত পোৱা গৈছিল। কিন্তু পাৱাৰে নিজৰ দলক ৰাষ্ট্ৰপতিৰ নির্বাচনত তেওঁ অৱতীর্ণ নহয় বুলি প্ৰকাশ কৰিছে ৷ বুধবাৰে অনুষ্ঠিত হ’বলগীয়া বিৰোধীৰ সভাত তেওঁ অংশ ল’ব। শনিবাৰে বিৰোধী দলৰ নেতাসকলক পত্ৰ লিখি সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছিল বেনাৰ্জীয়ে।উল্লেখ্য যে ২৪ জুলাইত সমাপ্ত হ’ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল।১৮ জুলাইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু তিনিদিনৰ পিছত ভোটগণনা কৰা হ’ব।