উৎকোচ লোৱাৰ সময়তে কাছাৰত হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী ৷ ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী কোষৰ চোৰাংচোৱাই আজি অসমৰ কাছাৰ জিলাত উৎকোচৰ অভিযোগত এজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে অভিযোগ কৰিছিল যে, তেওঁৰ পৰিৱৰ্তন ঋণ প্ৰক্ৰিয়াকৰণৰ বাবে উৎকোচ দাবী কৰিছিল কাছাৰৰ ট্ৰেজাৰী বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত জ্যেষ্ঠ একাউণ্ট সহায়ক মদন সিংহই ৷
আজি ট্ৰেজাৰী বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত জ্যেষ্ঠ একাউণ্ট সহায়ক মদন সিংহক ১০,০০০ টকাৰ উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পেলোৱাৰ লগতে ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী কোষৰ চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত মদন সিংহক।
সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰৰ জৰিয়তে আইন-শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) জি পি সিঙে জানিবলৈ দিয়ে, “আজি @DIR_VAC_ASSAMৰ এটা দলে ১০,০০০ টকাৰ উৎকোচ গ্ৰহণ কৰা কাছাৰৰ জ্যেষ্ঠ একাউণ্ট সহকাৰী বিষয়া আৰু ট্ৰেজাৰী বিষয়া শ্ৰী মদন সিংহক হাতে-লোটে ধৰা পেলাইছে। এজন অৱসৰপ্ৰাপ্ত ৰাজহুৱা কৰ্মচাৰীৰ অভিযোগ মৰ্মে, পৰিৱৰ্তন ঋণ প্ৰক্ৰিয়াকৰণৰ বাবে উৎকোচ দাবী কৰা হৈছিল।”
Today, a team of @DIR_VAC_ASSAM caught red handed Sh Madan Singha, Senior Account Assistant O/O Treasury officer, Cachar in his office receiving bribe of Rs 10000. The bribe was demanded for processing of commutation loan of the complainant, who is a retired public servant. pic.twitter.com/QjtSCQ1LPH
— GP Singh (@gpsinghips) June 15, 2022