ছাল অপৰিষ্কাৰ হ’লে আৰু তেজৰ দোষত ফোঁহা হোৱা দেখা যায়। ছাল প্ৰথমে ৰঙা পৰে , উখহি ফুলি উঠে আৰু বিষ হয়। পকিলে পূঁজ বাহিৰ হয়।
বন দৰবেৰে আমি কেনেকৈ ফোঁহা নিৰাময়য় কৰিব পাৰো জানো আহকচোন-
১) দেহৰ কোনো অংগত ফোঁহা হ’লে নহৰু ২/৩ ফুটা খুন্দি কিছু সময় প্ৰলেপ দিলে ফোঁহা সহজে শুকায়।
২) ফোঁহা উঠি বিষ হ’লে দুপৰীয়া টেঙাৰ পাত খুন্দি প্ৰলেপ দিলে ফোঁহা বহি যায় আৰু বেদনা লাঘৱ হয়।
৩) জেতুকা পাতৰ ৰসেৰে ফোঁহা ধুলে ফোঁহা শুকায়।
৪) বগা বাহকৰ ৪/৫ খন পাত খুন্দি তাত অলপ চেনি মিশ্ৰণ কৰি ফোঁহাত প্ৰলেপ দিলে ফোঁহা বহি যায় আৰু তেজ -পুঁজ বাহিৰ হয়।
৫) বিশল্যকৰণীৰ পাত খুন্দি ফোঁহাত প্ৰলেপ দিলে যিকোনো প্ৰকাৰ ঘা অতি সহজে শুকায়।
৬) সিজুৰ কেঁচা ঠাৰি থেতেলিয়াই ফোঁহাত প্ৰলেপ দিলে ফোঁহা বহি বা ফাটি যায় আৰু বিষ নোহোৱা হয়।
৭) চকুত ফোঁহা উঠিলে চজিনাৰ এঠা বা গোলাপজল দিব লাগে।
৮) পচতীয়াৰ পাত ৪/৫ খিলা খুন্দি ফোঁহাত প্ৰলেপ দিলে ফোঁহা সহজে পকি পূঁজ আদি বাহিৰ হৈ সহজে শুকায় আৰু বিষ কমে।
৯) ২/৩ খিলা বেলৰ পাত আৰু ২টা জালুক ভালদৰে পিহি ফোঁহাত প্ৰলেপ দিলে ফোঁহা বহি যায়।
১০) ফোঁহা পকিলে সোনকালে শুকুৱাবলৈ হ’লে কুঁহুমীয়া পানীৰে ধুই চিৰতাৰ পাতৰ ৰস নাইবা মহানিমৰ পাতৰ ৰসেৰে ফোঁহা ধুই ইয়াৰ পাত খুন্দি প্ৰলেপ দিব লাগে।