আজি অসমীয়া ভাষাৰ পুনঃ প্ৰাণপ্ৰতিষ্ঠাৰ হকে অহোপুৰুষাৰ্থ কৰাসকলৰ ভিতৰত অন্যতম আনন্দৰাম ঢেকিয়াল ফুকনৰ স্মৃতি দিৱস । ঊনবিংশ শতিকাৰ প্ৰথম ভাগতে ব্ৰিটিছে অসম দখল কৰাৰ পিছত নিজৰ ভাগে প্ৰশাসন চলোৱাৰ সুবিধাৰ্থে একাংশ বাংলাভাষী লোকৰ প্ৰৰোচনাত অসমত অসমীয়া ভাষাৰ সলনি বাংলা ভাষা প্ৰৱৰ্তন কৰিছিল আৰু এই অযুগুত কাৰ্যৰ প্ৰতিবাদ কৰি অসমত মৰ্যাদা সহকাৰে অসমীয়া ভাষাৰ পুনঃ প্ৰতিষ্ঠাৰ হকে সজোৰে মাত মতা লোকসকলৰ ভিতৰত অন্যতম আছিল আনন্দৰাম ঢেকিয়াল ফুকন । মাথোঁ ২৯ বছৰীয়া জীৱন কালতে তেওঁ ‘অসমীয়া ল’ৰাৰ মিত্ৰ’কে ধৰি তিনিখন গ্ৰন্থ লিখিছিল । প্ৰথমতে তেওঁ ‘অৰুণোদয়’ৰ পাতত লিখিবলৈ আৰম্ভ কৰিছিল । সেইসময়ত অসমত শিক্ষাৰ মাধ্যম বাংলা ভাষা আছিল বাবে তেওঁ ১৮৫৩ চনত ব্ৰিটিছ গৱৰ্ণৰ মোফাট মিলছ অসমলৈ আহোঁতে তেওঁৰ সন্মুখত অসমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ প্ৰচলনৰ বাবে আবেদন জনাইছিল । পিছত তেওঁ A Native ছদ্মনামেৰে A few remarks on the Assamese language, and on the Vernacular education in Assam নামৰ এখন গ্ৰন্থ লিখি তাত অসমীয়া যে এটা সম্পূৰ্ণ স্বতন্ত্ৰ ভাষা, বাংলা ভাষাৰ ঠাল নহয়, তাক যুক্তিসহকাৰে দেখুৱাইছিল । আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী লেখিকা পদ্মাৱতী দেৱী ফুকননী তেওঁৰ কন্যা আছিল । ১৯৫৯ চনৰ আজিৰ দিনটোতে এইগৰাকী হিতৈষী ব্যক্তিৰ দেহাৱসান ঘটে । এই বৰেণ্য ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সংগীত শিল্পী হেমন্ত মুখাৰ্জীৰ ওপজা দিন । ১৯২০ চনৰ আজিৰ দিনটোতে বাৰাণসীত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী কণ্ঠশিল্পী, সংগীত পৰিচালক তথা প্ৰযোজক । বঙালী আৰু হিন্দী উভয় ভাষাৰ সংগীততে তেওঁৰ ব্যুৎপত্তি আছিল । তেওঁ ৰবীন্দ্ৰ সংগীতৰ এগৰাকী শীৰ্ষস্থানীয় শিল্পী । তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে ।তেওঁ সংগীত নাটক একাডেমী পুৰস্কাৰৰ উপৰি পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানো লাভ কৰে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।