অৱশেষত গঠন কৰা হ’ল শিশুৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ দায়িত্বত থকা শিশু কল্যাণ কমিটীসমূহ ৷ ৰজ্যপালে শেহতীয়াকৈ এক জাননীৰ জৰিয়তে ৰাজ্যৰ ২০ খন জিলাত এই কমিটীসমূহ পুনৰ গঠন কৰাৰ লগতে অধ্যক্ষ আৰু সদস্য নিযুক্তি দিয়ে ৷ এই কমিটীসমূহে ৰাজ্য়খনত জুভেনাইল জাষ্টিচ আইন বলবতকৰণৰ বিভিন্ন দিশ নিৰীক্ষণ কৰিব ৷ তিনি বছৰৰ বাবে এই কমিটীসমূহ কার্যকৰী হৈ থাকিব ৷ কমিটীৰ অধ্যক্ষ আৰু সদস্যসকলে কেইবাটাও নিয়ম পালন কৰিব লাগিব বুলি ৰাজ্যপালৰ অধিসুচনাখনত প্ৰকাশ কৰা হৈছে ৷ সেই অনুসৰি কমিটীখনৰ অধ্যক্ষ আৰু সদস্যসকলে প্ৰতিটো খোলা দিনত কার্যালয়ত ন্যুনতম ৬ ঘণ্টা উপস্থিত থাকিব লাগিব ৷ যদিহে কোনো অধিবক্তা এই কমিটীৰ সদস্য , তেনেহ’লে তেওঁ আগন্তুক তিনি বছৰলৈ ওকালতি কৰিব নোৱাৰিব ৷ তিনি বছৰৰ বাবে দায়িত্বত থকা অধিবক্তাই তেওঁলোকৰ অনুজ্ঞাপত্ৰ জিলা শিশু সুৰক্ষা বিষয়াৰ ওচৰত জমা দিব লাগিব ৷ তদুপৰি সদস্য অথবা অধ্যক্ষ কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত হ’ব নোৱাৰিব ৷ লক্ষণীয় যে জিলা শিশু কল্যাণ কমিটীসমূহৰ কার্যকাল উকলি যোৱাৰ পাছতো নতুনকৈ গঠন নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ তিনি বছৰৰ মুৰত এই কমিটীসমূহ গঠন কৰাটো নিয়ম যদিও পুনৰ গঠন নকৰাৰ সুযোগ লৈ বহুকেইখন কমিটীয়ে অতিৰিক্তভাৱে ছমাহতকৈয়ো অধিক দিন কার্যনিবাহ কৰি থকা পৰিলক্ষিত হৈছিল ৷ অৱশ্যে চৰকাৰৰ নিয়মাৱলী সমূহ অনুসৰণ কৰি পুনৰ এই কমিটীসমূহ গঠন কৰা হৈছে বুলি সদৰী কৰিছে ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ প্ৰৱন্ধক অশোক শর্মাই ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি আন জিলাসমূহত শীঘ্ৰে শিশু সুৰক্ষা কমিটীসমূহ গঠন কৰা হ’ব ৷
নতুনকৈ কোন জিলাত কোনে লাভ কৰিলে দায়িত্ব
কাছাৰ
সুজিত কুমাৰ নাথ অধ্যক্ষ
কল্পিতা সেন সদস্য
সুমিতা বিশ্বাস সদস্য
নিলাক্ষী শৰ্মা সদস্য
কামৰূপ মহানগৰ
জিতুমণি দত্ত অধ্যক্ষ
ৰশ্মিৰেখা দলৈ সদস্য
তৰুণ চুতীয়া সদস্য
হেমন্ত হাজৰিকা সদস্য
মিনাক্ষী বৈশ্য বৰুৱা সদস্য
কামৰূপ
গীতি কাকতি দাস অধ্যক্ষ
কল্যাণ তালুকদাৰ সদস্য
প্ৰেমকান্ত শইকীয়া সদস্য
পংকজ নয়ন ভট্টাচাৰ্য সদস্য
তিনিচুকীয়া
উত্তম কুমাৰ দুৱৰা অধ্যক্ষ
মোহন লাল শর্মা সদস্য
দীপাঞ্জলি চেতিয়া সদস্য
ওদালগুৰি
বিষ্টি ৰাম বড়ো সদস্য
ছাৰিকা স্বৰ্গীয়াৰী সদস্য
ৰঞ্জনা দেৱী সদস্য
প্ৰণীতা কলিতা দাস সদস্য
হোজাই
নমিতা শৰ্মা সদস্য
ধেমাজি
ৰূপালী ডেকা বৰগোহাই অধ্যক্ষ
ভূপেন দত্ত সদস্য
ৰঞ্জনা দত্ত সদস্য
লক্ষীনাথ দলে সদস্য
জোনমনি চুতীয়া সদস্য
ধুবুৰী
বিনয় ভট্টাচার্য অধ্যক্ষ
প্ৰণতি ৰায় চৰকাৰ সদস্য
জহিৰুল ইছলাম সদস্য
মৰিগাঁও
অৰ্চনা বৰা শৰ্মা অধ্যক্ষ
ফিৰোজ চৌধুৰী সদস্য
ৰঞ্জন শর্মা সদস্য
বঙাইগাঁও
স্বর্ণালী ব্ৰহ্ম চৌধুৰী অধ্যক্ষ
অৰ্চনা ডেকা সদস্য
চতৰা সিং চৌধুৰী সদস্য
দিপাঞ্জলী দাস সদস্য
ছামিউল ইছলাম সদস্য
হাইলাকান্দি
নিলাদ্ৰী শংকৰ দাস অধ্যক্ষ
শ্যামল দাস সদস্য
বিনোটা সিনহা সদস্য
বিশ্বনাথ
মতি কুমাৰ নেৱাৰ অধ্যক্ষ
মৌছুমী বৰঠাকুৰ সদস্য
জয়ন্ত শর্মা সদস্য
মমিতা শর্মা সদস্য
মানসী বৰুৱা সদস্য
নগাঁও
অঞ্জুমণি চৌধুৰী অধ্যক্ষ
ডিব্ৰুগড়
গীতিমালিকা গগৈ অধ্যক্ষ
ৰুমী মহন্ত দত্ত সদস্য
ৰূপা ৰাণী কৌৰ সদস্য
অঞ্জন কুমাৰ নাগ সদস্য
ৱাজিদা তাবাছুম সদস্য
শিৱসাগৰ
মনালিছা শর্মা অধ্যক্ষ
পূর্ণ বিকাশ দত্ত সদস্য
অর্চনা বৰদলৈ সদস্য
ডঃ ডেইজী কামেং বৰুৱা সদস্য
বন্দনা কৌশিক বৰদলৈ সদস্য
মাজুলী
বাণীকান্ত বৰুৱা অধ্যক্ষ
সদানন্দ দোলাকাষৰীয়া সদস্য
লখিমপুৰ
কামেশ্বৰ দেকা অধ্যক্ষ
ৰমানন্দ বৰুৱা সদস্য
শিল্পী ৰেখা হাজৰিকা সদস্য
জোনমণি বৰুৱা সদস্য
নিলিমা পাঠক সদস্য
শোণিতপুৰ
আভা বৰা অধ্যক্ষ
বিজয় তির্কে সদস্য
বর্ণালী শর্মা বৰুৱা সদস্য
মঞ্জুলা ফুকন সদস্য
বৰপেটা
প্ৰভা দাস সদস্য
দীপক কুমাৰ পাঠক সদস্য
চবিন্দ্ৰ পাঠক সদস্য
নলবাৰী
শৈলেন্দ্ৰ প্ৰসাদ শর্মা অধ্যক্ষ
চপলা ৰাজবংশী সদস্য
বিনয় কুমাৰ শর্মা সদস্য
হিৰেন্দ্ৰ কুমাৰ শর্মা সদস্য
সমিন্দ্ৰ ডেকা সদস্য