চীনে ভাৰতীয়সকলৰ বাবে ভিছা নিষেধাজ্ঞা আংশিকভাৱে প্ৰত্যাহাৰ কৰিছে (য’ত কূটনীতিবিদ আৰু চীনত পৰিয়াল থকা লোকসকল অন্তৰ্ভুক্ত আছে) । সেয়েহে নিৰাশ হৈ পৰিছে ভিছা পাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি থকা সমগ্ৰ চীনৰ বিশ্ববিদ্যালয়সমূহত নামভৰ্তি কৰা ২৩,০০০ ৰো অধিক ভাৰতীয় শিক্ষাৰ্থী।
মেডিচিনৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থী অংকিতে কৈছিল ” নিষেধাজ্ঞাৰ দুবছৰ হ’ল , আমাক চীনত আমাৰ বিশ্ববিদ্যালয় চৌহদলৈ ঘূৰি যাবলৈ অনুমতি দিয়া হোৱা নাই। আমাৰ বেছিভাগেই তাত চিকিৎসা বিদ্যালয়ত নামভৰ্তি কৰিছে আৰু আমি আমাৰ ব্যৱহাৰিক পাঠসমূহ অফলাইন কৰিব লাগিব। আমাৰ মাজৰ বহুতো শিক্ষাৰ্থী এতিয়া হতাশাগ্ৰস্ত হৈ পৰিছে,” ।
শিক্ষাৰ্থীসকলে কয় যে, তেওঁলোকে দিল্লীত থকা চীনা দূতাবাসৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে, কিন্তু তেওঁলোকৰ প্ৰশ্নৰ এতিয়ালৈকে কোনো উত্তৰ পোৱা নাই আৰু আগলৈ কি হ’ব তাৰ কোনো নিশ্চিত নাই।
জানিব পৰা মতে চীনে পাকিস্তান, থাইলেণ্ড, চলোমন দ্বীপপুঞ্জ আৰু শ্ৰীলংকাৰ শিক্ষাৰ্থীসকলক ইতিমধ্যে বিশ্ববিদ্যালয়লৈ উভতি যাবলৈ অনুমতি দিছে। সেয়েহে ভাৰতীয় শিক্ষাৰ্থীসকলৰ সৈতে এই স্থিতিৰ মনোভাৱ বৰ্তমান ভাৰত আৰু চীনৰ মাজত বিদ্যমান এক কূটনৈতিক অচলাৱস্থাৰ বাবেই হৈছে নেকি তাকলৈ বৰ্তমান সময়ত এক প্ৰশ্ন উত্থাপিত হৈছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এই বছৰৰ আৰম্ভণিতে ভিছাৰ অভাৱত ভাৰতত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক সুবিধা প্ৰদান কৰিবলৈ ভাৰত ভ্ৰমণ কৰাৰ সময়ত চীনৰ ৱাং য়িক অৱগত কৰিছিল। কিন্তু সেই অনুৰোধৰ প্ৰতিও এতিয়ালৈকে কোনো মনোযোগ দিয়া পৰিলক্ষিত হোৱা নাই। এই পদক্ষেপৰ বাবে বৰ্ধিত কোভিড তালিকাৰ উদ্ধৃতি দি সেয়ে ভাৰতেও এপ্ৰিলত চীনৰ পৰ্যটক ভিছা বাতিল কৰিছিল।অৱশ্যে, পৰ্যটকসকল ভিছা নিষেধাজ্ঞাৰ দ্বাৰা প্ৰভাৱিত নহয়, কিন্তু শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত যদি এনে কৰা হয় তেন্তে তেওঁলোক যথেষ্ট বিপদত পৰিব।
অংকিতে দুখ প্ৰকাশ কৰি কয়, ”চীনা দূতাবাসে তেওঁলোকৰ ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ চীনলৈ ঘূৰি আহিবলৈ ইচ্ছুক শিক্ষাৰ্থীৰ এখন তালিকা বিচাৰিছিল, যদিও আমাৰ বেছিভাগে আমাৰ নাম দিছে তথাপিও ইয়াক কেতিয়া বিবেচনা কৰা হ’ব সেই বিষয়ে আমাৰ কোনো ধাৰণা নাই।
শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়ন সম্পূৰ্ণ নকৰালৈকে শিক্ষাৰ্থীৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বিষয় সম্পৰ্কীয় চিন্তাত শিক্ষাৰ্থীসকলৰ মাজত মানসিক সমস্যাই দেখা দিছে। ইফালে তেওঁলোকৰ ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পিছত, তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিবলৈ আৰু চাকৰি পাবলৈকো বিদেশী চিকিৎসা স্নাতক পৰীক্ষা (এফ.এম.জি.ই.) উত্তীৰ্ণ হ’ব লাগিব।
উল্লেখযোগ্য যে,ভাৰতত ইউক্ৰেইনৰ পৰা ওভতি অহা বহু শিক্ষাৰ্থী আছে যাৰ ভাগ্য বৰ্তমান সময়ত অচল হৈ আছে। ইউক্ৰেইনৰ পৰা ওভতি অহা বহু শিক্ষাৰ্থী আৰু চীনলৈ ঘূৰি যাব বিচৰা শিক্ষাৰ্থী সকলৰ সৈতে বৰ্তমান এক জটিল সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ছাত্ৰ-ছাত্ৰী সকল ।