বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেলত থিয়েটাৰ পৰিচালক অতুল পেথে আৰু মানসিক স্বাস্থ্যৰ বাবে কাম কৰা ‘পৰিৱৰ্তন ট্ৰাষ্ট’ নামৰ এটা বেচৰকাৰী সংগঠনৰ মানসিক স্বাস্থ্য যোগাযোগকৰ্তা ইজিম ইনামদাৰে তিনিজন থিয়েটাৰ শিল্পীলৈ ৫০,০০০ টকাৰ থিয়েটাৰ বৃত্তি ঘোষণা কৰে। এই বৃত্তিটো এনজিঅ’ৰ উদ্যোগত অনুষ্ঠিত হোৱা মানসৰঙৰ অংশ। বৃত্তি আৰু উৎসৱটো বাজাজ অটোৰ দ্বাৰা ইয়াৰ চি.এছ.আৰ. উদ্যোগৰ জৰিয়তে পুঁজি যোগান ধৰা হৈছে।
বাছনি কৰা শিল্পীসকল হৈছে ‘হৰদাভৰ চন্দনিয়া’ৰ নাছিক-ভিত্তিক থিয়েটাৰৰ বিখ্যাত পৰিচালক শচীন চিন্দে, মুম্বাইৰ ‘লেঝিম খেলনাৰী পোৰা’কেধৰি কেইবাখনো প্ৰশংসিত মাৰাঠী নাটকৰ পৰিচালক অভিজিত জুঞ্জাৰাও আৰু পুনেৰ থেট্ৰন এণ্টাৰটেইনমেণ্টৰ অভিনেতা-পৰিচালক ক্ষিতিশ ডেট।
আগন্তুক তিনি মাহত এই প্ৰতিজন শিল্পীয়ে তেওঁলোকৰ নিজ নিজ প্ৰযোজনা গৃহৰ সদস্যসকলৰ সৈতে, মানসিক স্বাস্থ্যৰ বিষয়বস্তুক কেন্দ্ৰ কৰি একোখনকৈ ৩০ মিনিটৰ নাটকত কাম কৰিব। তিনিখন নাটক মানসৰং থিয়েটাৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ৷ আনহাতে এই মহোৎসৱত সকলোৰে প্ৰৱেশ হ’ব বিনামূলীয়া হ’ব ।
তেওঁলোকে এই তিনিটা নাম বাছনি কৰা প্ৰক্ৰিয়াটোৰ বিষয়ে সোধাত পেথে য়ে কয়, ‘আমি মহাৰাষ্ট্ৰত নজন লোকৰ এখন তালিকা লৈ আহিছিলো যিসকল যোৱা আঠৰ পৰা দহ বছৰ ধৰি থিয়েটাৰৰ অংশ হৈ আছে আৰু তেওঁলোকৰ নিজা প্ৰযোজনা গৃহ আছে। আমাৰ পৰিকল্পনা হৈছে উৎসৱৰ তিনিটা সংস্কৰণ থকা – য’ত প্ৰতি বছৰে তিনিটা নাম বাছনি কৰা হ’ব। প্রথম বছৰটোত আমি বৰ এটা চিন্তা কৰাৰ প্ৰয়োজন নহ’ল – এই তিনওজনেই বিগত এক দশকত অভূতপূর্ব কাম কৰিছে।
আনহাতে নাটকনিৰ্মাণ কৰা সকলৰ বাবে ২২-২৩ জুনৰ ভিতৰত দুদিনীয়া, প্ৰাক-উৎসৱ কৰ্মশালা অনুষ্ঠিত হ’ব। বিশিষ্ট মনোবিজ্ঞানী ড০ অঞ্জলি যোশী, বিশিষ্ট থিয়েটাৰ শিল্পী আৰু লেখক ড০ চন্দ্ৰশেখৰ ফানচালকাৰ আৰু ‘মানসৰঙৰ’ সদস্যসকলে মানসিক স্বাস্থ্যৰ বিভিন্ন দিশসম্পৰ্কে প্ৰতিটো থিয়েটাৰ গোটৰ পৰা পাঁচজন কৈ ব্যক্তিক দিক্-দৰ্শন কৰিব যাতে নাটকসমূহ ভালদৰে বোধগম্য হয়।
পৰিৱৰ্তন ট্ৰাষ্টে মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা বৃদ্ধি আৰু উন্নত কৰাৰ বাবে অভিব্যক্তিমূলক কলা ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোৱে পাঁচ বছৰ আগতে মানসৰঙৰ আকাৰ লৈছিল। অভিনয়, কবিতা , গান আদি কলাৰ দৰে মাধ্যমৰ ইতিবাচক প্ৰভাৱ চিনাক্ত কৰাৰ পিছত, পেথে আৰু ইনামদাৰে এনে এক প্ৰচেষ্টা বিকশিত কৰাৰ সিদ্ধান্ত লয় য’ত কেৱল শিল্পীয়েই নহয়, মানসিক ৰোগত আক্ৰান্ত লোকসকলে নিজকে প্ৰকাশ কৰিবলৈ আৰু ফলস্বৰূপে মানসিক স্বাস্থ্যৰ চাৰিওফালে থকা কলঙ্ক মচি পেলাবলৈ কলাক মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰে। যিহেতু মানসিক ৰোগগ্ৰস্ত লোকসকলে প্ৰায়ে সমাজিক পৰিবেশ প্ৰত্যাহাৰ কৰিব পাৰে আৰু বিভিন্ন অপৰাধত লিপ্ত হ’ব পাৰে ৷ এনে ধৰণৰ পদক্ষেপে তেওঁলোকক সমাজলৈ ঘূৰাই অনাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
বৰ্তমানৰ থিয়েটাৰ বৃত্তি আৰু উৎসৱ হৈছে এই উদ্যোগৰ অধীনত আন এক কাৰ্যসূচী, যাৰ মূল লক্ষ্য হৈছে মানসিক ৰোগৰ সজাগতা বৃদ্ধি কৰা । পেথে বিশ্বাস কৰে যে এই ক্ষেত্ৰত থিয়েটাৰ হৈছে আটাইতকৈ শক্তিশালী মাধ্যমসমূহৰ এটা। ‘থিয়েটাৰ আৰু তাৰ পিছত শিল্পীসকলৰ সৈতে ইয়াৰ সমলৰ বিষয়ে আলোচনা কৰিলে দৰ্শকৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব পাৰে। তেওঁ লগতে কয় যে,দৰ্শকৰ বাবে শিল্পীসকলৰ উপস্থিতিয়ে ইয়াক এক অনন্য, অতুলনীয় অভিজ্ঞতা কৰি তুলিব পাৰে। তদুপৰি, এখন নাটক কেৱল লিভিং ৰুম আৰু চিনেমা হলতে সীমাবদ্ধ নহয় ৷ ইয়াক প্ৰতিটো ৰাস্তাত আৰু প্ৰতিটো কোণত পৰিৱেশন কৰিব পাৰি,’ ।