হোজাইৰ ৰাইকোটা অঞ্চলত সংঘটিত হৈছে এক শোকাবহ নাও দুৰ্ঘটনা। বানৰ কবলৰ পৰা অঞ্চলটোৰ লোকসকলক উদ্ধাৰ কৰি অনাৰ সময়তে সংঘটিত হয় এই নাও দুৰ্ঘটনা ।
নাও দুৰ্ঘটনাৰ ফলত নিখোজ হৈ আছে দুটি শিশু। শুকুৰবাৰে নিশা নাও দুৰ্ঘটনাটোত শিশুসহ উটি গৈছিল ২৭জনকৈ লোক। স্থানীয় লোক আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে ২৫জনক। এতিয়াও সন্ধান পোৱা নাই দুটি শিশুৰ। শিশু দুটিৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ তাণ্ডৱ। বানৰ কবলত এতিয়া ককবকাইছে ৰাজ্যৰ লক্ষ লক্ষ লোকে। আশ্ৰয়হীন হৈ পৰিছে হাজাৰ হাজাৰ লোক। পানীত ডুব গৈছে অসমৰ বৃহৎ অঞ্চলৰ কৃষি পথাৰ। চাৰখাৰ হৈছে অসমৰ লক্ষ লক্ষ কৃষকৰ সপোন ৷ এতিয়া লক্ষণীয় হ’ব এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত কি আৰু কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিব শাসনাধিষ্ঠিত চৰকাৰখনে !