আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, গল্পকাৰ, কবি, গীতিকাৰ আৰু মুক্তিযুঁজাৰু । ভিক্টোৰিয়া কলেজত পঢ়ি থাকোঁতে তেওঁ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল । ৰংপুৰ কলেজত পঢ়ি থাকোঁতে তেওঁ বাঁহী আলোচনীৰ চিত্ৰলেখা শিতানটো পৰিচালনা কৰাৰ উপৰি আৱাহন আলোচনীতো লিখা-মেলা কৰিছিল । জয়মতী চলচ্চিত্ৰৰ নৃত্য পৰিচালনাত তেওঁ জ্যোতিপ্ৰসাদক সহযোগিতা কৰিছিল । কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰাণসীত তাণ্ডৱ নৃত্যৰ প্ৰদৰ্শন দেখি মোহিত হৈ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধি প্ৰদান কৰিছিল । পিছলৈ তেওঁ বিপ্লৱী কমিউনিষ্ট পাৰ্টীত যোগদান কৰি সমাজ বিপ্লৱৰ কামত গাঁৱে-ভূঞে ঘূৰি ফুৰিছিল । তেওঁ এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, ছিৰাজ আদি চলচ্চিত্ৰত অভিনয়ো কৰিছিল । তেজপুৰৰ বাণ ৰংগমঞ্চতো তেওঁ নিয়মীয়াকৈ অভিনয় কৰিছিল । তেওঁ অঁকা শ্ৰীমন্ত শংকৰদেৱৰ আৰু শংকৰ-মাধৱৰ যুগল ছবিয়ে বিশেষ খ্যাতি অৰ্জন কৰিছিল । অসমীয়া কৃষ্টিৰ চমু আভাস তেওঁৰ এখন উল্লেখযোগ্য গ্ৰন্থ । সোণপাহি, মিচিং কনেং আদি তেওঁ লিখা উপন্যাস । তেওঁ লিখা গীতসমূহক ৰাভা সংগীত আখ্যা দিয়া হয় । ১৯৬৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । আজিৰ দিনটোক সমগ্ৰ অসমতে ৰাভা দিৱস হিচাপে পালন কৰা হয় । এই পবিত্ৰ দিনটোত মহান ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি গীতিকাৰ, কবি, শিশু-সাহিত্যিক তথা লোক-সংস্কৃতিৰ গৱেষক ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ ওপজা দিন । আজিৰ দিনটোতে ১৯৩৩ চনত তেওঁ শিৱসাগৰত জন্ম লাভ কৰে । ‘সুদীৰ্ঘ দিন আৰু ৰাতি’ নামৰ কাব্যগ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । সোণৰ খাৰু নেলাগে মোক, কি নাম দি মাতিম, জোনবাই এ বেজী এটি দিয়া, বৰ্ষা ঋতু ভাল পাওঁ মই, গধূলি আহিল তৰা জিলিকিল, আগলি বতাহে কঁপালে কলৰে পাত আদি তেওঁ লিখা জনপ্ৰিয় গীত । শিৱ, দেৱী আৰু সূৰ্য তেওঁৰ তিনিখন বিখ্যাত গৱেষণামূলক গ্ৰন্থ । সাহিত্য জগতত তেওঁ নীলা বাইদেউ ছদ্মনামেৰেও পৰিচিত । তেওঁ ১৯৯১ চনত দুধনৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল । তেওঁ শিশু সাহিত্যৰ ৰাষ্ট্ৰপতিৰ বঁটাও লাভ কৰে । ২০০১ চনত তেওঁ লেখিকা সংস্থা অসমে আগবঢ়োৱা প্ৰবীণা শইকীয়া বঁটা লাভ কৰে । এইগৰাকী বৰেণ্য সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি কবি ৰত্নকান্ত বৰকাকতীৰ ওপজা দিন । ১৮৯৭ চনৰ আজিৰ দিনটোতে নগাঁৱৰ ধিঙত তেওঁৰ জন্ম হয় । বিশ্বহৰণ, দুটি মানুহ, ক্ষুদ্ৰৰ অধিকাৰ, সাধনাৰ স্বৰ্গ, তাজমহল আদি তেওঁৰ জনপ্ৰিয় কবিতাসমূহৰ ভিতৰত অন্যতম । শেৱালি, তৰ্পণ আদি কবিতাপুথি, অলকা নামৰ নাটক তেওঁৰ প্ৰকাশিত পুথি । তেওঁ সাহিত্য জগতত শেৱালি কবি নামেৰে খ্যাত । ১৯৬৩ চনত নাজিৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সংগীত শিল্পী পুৰুষোত্তম দাসৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক । তেওঁ ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই নিজে গীত লিখি সুৰ কৰিছিল । পিছলৈ তেওঁ আকাশবাণী কলিকতা আৰু গুৱাহাটীৰ ষ্টাফ আৰ্টিষ্ট হৈছিল । তেওঁ অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাও কৰিছিল । তেওঁ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ সহকাৰী সংগীত পৰিচালক আছিল । তেওঁ বদন বৰফুকন, পাৰঘাট আৰু নিমিলা অংক চলচ্চিত্ৰৰো যুটীয়া সংগীত পৰিচালক আছিল । ১৯৫১ চনত তেওঁ ৰঙালী বিহু উদযাপনৰ পতাকা উত্তোলনৰ গীত ‘শ্ৰীময়ী অসমৰ শীতল কোলাত উঠে উছৱৰ মধু আলোড়ন’ ৰচনা কৰে । ত্ৰিবেণী, শ্ৰীময়ী, সুৰবাণী আদি তেওঁৰ গীতৰ পুথি । ১৯৯৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট অভিনেতা মহানন্দ শৰ্মাৰ স্মৃতি দিৱস । তেওঁ ঘাইকৈ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল । নলবাৰীৰ মুগকুছি নাট্য সমিতি নামৰ যাত্ৰা দলত তেওঁ পেছাদাৰী অভিনয় জীৱনৰ আৰম্ভণি কৰে । তেওঁ কলিকতাৰ নট্ট কোম্পানী নামৰ নাট্য দলতো অভিনয় কৰিছিল । তাৰ পিছত তেওঁ সুৰদেৱী নাট্য সংঘ, পূৰ্বজ্যোতি থিয়েটাৰ, নটৰাজ থিয়েটাৰ, কহিনুৰ থিয়েটাৰ আদি অনেক আগশাৰীৰ থিয়েটাৰৰ মঞ্চত অভিনয় কৰে । ১৯৮৪ চনত তেওঁ নলবাৰীৰ পানীগাঁৱত অপৰূপা থিয়েটাৰৰ জন্ম দিয়ে । ভ্ৰাম্যমাণৰ মঞ্চত দ্বৈত চৰিত্ৰত অভিনয় কৰা প্ৰথমগৰাকী অভিনেতা আছিল তেওঁ । ২০১৫ চনৰ আজিৰ দিনটোতে তেওঁ জীৱন নাটৰ যৱনিকা পেলায় । এইগৰাকী অভিনেতালৈ আমাৰ প্ৰণাম ।