কিংবদন্তি ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ ছুপাৰ কাৰ বুগাটি ভেইৰন সোমবাৰে স্পেইনৰ মেজ’র্কা চহৰত এক দুর্ঘটনাত পতিত হয় ৷ প্ৰায় ২১ লাখ ডলাৰ মূল্যৰ বিনিময়ত গাড়ীখন ক্ৰয় কৰিছিল ৰোনাল্ডোৱে ৷
ৰোনাল্ডোৰ স্প’ৰ্টছ কাৰখনে এটা ঘৰৰ প্ৰৱেশদ্বাৰ খুন্দা মাৰে। প্ৰাৰম্ভিক খবৰ অনুসৰি দুৰ্ঘটনাৰ সময়ত গাড়ীখনৰ চালকৰ আসনত আছিল ছুপাৰষ্টাৰজনৰ এজন কৰ্মচাৰীয়েই ৷লাখ টকীয়া ছুপাৰকাৰখনৰ সন্মুখভাগ ভাঙি যোৱা বুলি জানিব পৰা গৈছে। তদন্তকাৰীয়ে নিশ্চিত কৰিছে যে দুৰ্ঘটনাত আন কোনো বাহন জড়িত নাছিল আৰু চালকজন কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাই।
মানচেষ্টাৰ ইউনাইটেডৰ ষ্ট্ৰাইকাৰজনে পৰিয়ালৰ সৈতে দ্বীপটোত ভ্ৰমণ কৰিবলৈ গৈছিল ৷ তেওঁ দূর্ঘটনাগ্ৰস্ত গাড়ীখন মালৰ্কালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।বিশ্বৰ আটাইতকৈ ধনী খেলুৱৈসকলৰ ভিতৰত ৰোনাল্ডোৰ আছে কেইবাখনো বিলাসী গাড়ী। জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত হোৱা গাড়ীখন পৰ্তুগালৰ দ্বীপটোলৈ প্ৰেৰণ কৰা দুখন গাড়ীৰ ভিতৰত এখন আছিল।