ধর্ষণৰ ঘটনা বৃদ্ধি পোৱাৰ বাবেই এখন ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছে প্ৰশাসন ৷ পাকিস্তানৰ পাঞ্জাৱত সংশ্লিষ্ট প্ৰশাসনে ঘোষণা কৰিছে এই জৰুৰীকালীন পৰিস্থিতি ৷
শেহতীয়াকৈ এখন সংবাদমেলত পঞ্জাৱৰ গৃহমন্ত্ৰী আট্টা তাৰাৰে কয় যে এনে ঘটনা বৃদ্ধি হোৱাটো সমাজ আৰু চৰকাৰী বিষয়াসকলৰ বাবে এক গুৰুতৰ বিষয়।তেওঁৰ মতে, ‘পঞ্জাৱত দৈনিক চাৰিৰ পৰা পাঁচটা ধৰ্ষণৰ গোচৰ ৰুজু হৈ আছে ৷ যাৰ বাবে চৰকাৰে যৌন নিৰ্যাতন, নিৰ্যাতন আৰু জোৰ-জবৰদস্তিৰ গোচৰসমূহ মোকাবিলা কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা বিবেচনা কৰি আছে।ধৰ্ষণৰ গোচৰৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে বুলিও তেওঁ উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়ত নাগৰিক সমাজ, মহিলা অধিকাৰ সংগঠন, শিক্ষক, আৰু অধিবক্তাসকলৰ পৰামৰ্শ লোৱা হ’ব। ইয়াৰ উপৰিও অভিভাৱকসকলক নিজৰ সন্তানক সুৰক্ষাৰ গুৰুত্বৰ বিষয়ে শিকাবলৈ আহ্বান জনায়। তাৰাৰে কয় যে কেইবাটাও গোচৰৰ অভিযুক্তক আটক কৰা হৈছে ৷ বিদ্যালয়ত হাৰাশাস্তিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক সতৰ্ক কৰি দিয়া হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এতিয়া অভিভাৱকসকলে নিজৰ সন্তানক কেনেকৈ সুৰক্ষা দিব লাগে সেই বিষয়ে শিকাৰ সময়।
আন্তঃৰাষ্ট্ৰীয় অধিকাৰ আৰু নিৰাপত্তা মঞ্চত প্ৰকাশিত এটা প্ৰবন্ধত কোৱা হৈছে যে বিগত চাৰি বছৰৰ ভিতৰত পাকিস্তানত ১৪,৪৫৬ গৰাকী মহিলাৰ নিযৰাতনৰ বলি হৈছে ৷ ইয়াৰে অধিকাংশ গোচৰ পঞ্জাৱৰ ৷ ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত মহিলাৰ ওপৰত হাৰাশাস্তি, নাৰীৰ ওপৰত ঘৰুৱা হিংসা আৰু মহিলাৰ ওপৰত অন্যান্য বৈষম্যমূলক কাৰ্যকলাপো ব্যাপক ৰূপত বৃদ্ধি পাইছে ৷