এক বিশেষ পৰম্পৰাগত ফেচ মেপিং পদ্ধতি ব্যৱহাৰ কৰি এই কথা ঘোষণা কৰা হৈছে যে হলিউড অভিনেতা এম্বাৰ হাৰ্ড আৰু ৰবাৰ্ট পেটিনছন বিশ্বৰ ভিতৰতে আটাইতকৈ ধুনীয়া মুখাবয়বৰ অধিকাৰী ৷
উল্লেখযোগ্য যে লণ্ডনৰ ‘চেণ্টাৰ ফৰ এডভান্সড ফেচিয়েল কচমেটিক এণ্ড প্লাষ্টিক চাৰ্জাৰী’ৰ ডাঃ জুলিয়ান ডি চিলভাই ২০১৬চনত পৃথিৱীৰ আটাইতকৈ ধুনীয়া মুখখন কাৰ তাক আৱিষ্কাৰ কৰিবলৈ এক প্ৰাচীন ফেচ মেপিং কৌশল ‘পিএইচআই’ ব্যৱহাৰ কৰিছিল ৷ তেওঁৰ গৱেষণাৰ পিছত এতিয়া কোৱা হৈছে যে অভিনেত্ৰী এম্বাৰ হাৰ্ড হৈছে ‘পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলা’ আৰু ‘দ্য বেটমেন’ অভিনেতা ৰবাৰ্ট পেটিনচন হৈছে ‘বিশ্বৰ আটাইতকৈ সুন্দৰ পুৰুষ’।
‘ফি’ হৈছে এক গ্ৰীক ফেচ মেপিং কৌশল, যাক সৌন্দৰ্যৰ গ্ৰীক সোণালী অনুপাত ১.৬১৮ বুলিও কোৱা হয় ৷ যাক মুখখন কিমান নিখুঁত তাৰ গণনা কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷
ডঃ চিলভাই এই কৌশলটো ব্যৱহাৰ কৰিছিল আৰু বিচাৰি পাইছিল, ‘একুৱামেন’ অভিনেত্ৰীগৰাকীৰ মুখখন গ্ৰীক সোণালী অনুপাতৰ সৈতে ৯১.৮৫ শতাংশ শুদ্ধ আছিল যাৰ ফলত তেওঁ বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা হৈ পৰিছিল ৷ তাৰ পিছত কিম কাৰ্দাচিয়ানে ৯১.৩৯ শতাংশ আৰু কেণ্ডেল জেনাৰ ৯০.১৮ শতাংশৰ সৈতে পঞ্চম স্থানত আছিল।
ইয়াৰ লগতে ড০ চিলভাই একে পদ্ধতি ব্যৱহাৰ কৰাৰ পিছত ঘোষণা কৰিছিল যে ৰবাৰ্ট পেটিনচন হৈছে ৯২.১৫ শতাংশ শুদ্ধতাৰ সৈতে বিশ্বৰ আটাইতকৈ সুন্দৰ ব্যক্তি ৷ তেওঁৰ পিছত ৯১.৬৪ শতাংশ শুদ্ধতাৰ সৈতে আছে ‘মেন অফ ষ্টীল’ অভিনেতা হেনৰী কেভিল আৰু তৃতীয় আৰু চতুৰ্থ স্থানত ৯০.৫৫ শতাংশ আৰু ৯০.৫১ শতাংশৰ সৈতে ব্ৰেডলী কুপাৰ আৰু ব্ৰেড পিট।
বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে ই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু অনুৰাগীসকলে এম্বাৰ আৰু ৰবাৰ্টক পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলা আৰু পুৰুষ হিচাপে অভিনন্দন জনায়।
উল্লেখযোগ্য এম্বাৰ হাৰ্ডে অলপতে তেওঁৰ প্ৰাক্তন স্বামী জনি ডেপৰ সৈতে মানহানিৰ বিচাৰৰ পিছত চৰ্চালৈ আহিছিল, আৰু অভিনেত্ৰীগৰাকীক বিচাৰক জুৰীয়ে ১০ নিযুত ডলাৰ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল।
আনহাতে কৰ্মক্ষেত্ৰত এম্বাৰ হাৰ্ডক পৰৱৰ্তী সময়ত ডিচি কমিক্স ‘দ্য একুৱামেন ২’ত দেখা যাব ৷ ৰবাৰ্ট পেটিনচনক অলপতে ডিচি কমিক্স ‘দ্য বেটমেন’ত দেখা গৈছিল যিয়ে অনুৰাগীসকলৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।