কাবুলৰ ওচৰৰ পর্বতৰ ওপৰত অৱস্থিত এখন প্ৰাচীন বৌদ্ধ চহৰ চিৰদিনৰ বাবে নোহোৱা হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে ৷ চহৰখন থকা পর্বতখনত তাম নিষ্কাষণৰ বাবে চীনে চলোৱা খননৰ বাবে এই চহৰখনলৈ ভাবুকি নামি আহিছে ৷
হেলেনিষ্টিক আৰু ভাৰতীয় সংস্কৃতিৰ সংগমস্থলত অৱস্থিত মেছ আয়নাক চহৰ ১০০০ৰ পৰা ২০০০ বছৰৰ ভিতৰত পুৰণি বুলি বিশ্বাস কৰা হয় ৷ এসময়ত তাম নিষ্কাশন আৰু ব্যৱসায়ক কেন্দ্ৰ কৰি এখন বিশাল চহৰ হিচাপে জনাজাত আছিল আয়নাক চহৰ ৷
পুৰাতত্ত্ববিদসকলে বৌদ্ধ মঠ, স্তুপ, দুৰ্গ, প্ৰশাসনিক অট্টালিকা, শ শ মূৰ্তি, মৃৎশিল্প, মুদ্ৰা আৰু পাণ্ডুলিপিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় সাহায্য বন্ধ হোৱাৰ পিছত তালিবানে চৰকাৰে নতুন ৰাজহৰ উৎস বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাত প্ৰকল্পটোত খনন কাৰ্য্যক অগ্ৰাধিকাৰ দিছে ৷ ইয়াৰ ফলত প্ৰত্নতাত্ত্বিক পৰীক্ষা অন্ত পৰিব ৷
উল্লেখ্য যে চহৰখনত আৱিষ্কৃত সামগ্ৰীসমূহ মূলতঃ দ্বিতীয় শতিকাৰ পৰা নৱম শতিকাৰ ভিতৰৰ ৷ ১৯৬০ চনৰ আৰম্ভণিতে এজন ফৰাচী ভূতত্ত্ববিদে পুনৰ আৱিষ্কাৰ কৰাৰ পূৰ্বে যুগ যুগ ধৰি পাহৰি যোৱা লগাৰ প্ৰদেশৰ মেছ আয়নাকক আকাৰ আৰু তাৎপৰ্য্যৰ ফালৰ পৰা পম্পেই আৰু মাচু পিচুৰ সৈতে তুলনা কৰা হৈছে। ১০০০ হেক্টৰ ভূমিত বিস্তৃত এই ধ্বংসাৱশেষটো এটা বিশাল শৃংগৰ ওপৰত অৱস্থিত ৷ কিন্তু ২০০৭ চনত চীনৰ খনন প্ৰতিষ্ঠান মেটালাৰ্জিকেল গ্ৰুপ কৰ্প’ৰেশ্যনে (এমচিচি)৩০ বছৰলৈ খননৰ বাবে ৩ বিলিয়ন ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিছিল।