ভাৰতীয় ক্ৰীড়া জগতৰ বাবে এক সুখবৰ ৷শুকুৰবাৰে দেশৰ হৈ দ্বিতীয়টো পদক লাভ কৰি ভাৰতীয় ধনুৰ্বিদ অভিষেক বাৰ্মা আৰু জ্যোতি সুৰেখা ভেন্নামে বিশ্বকাপৰ তৃতীয় পৰ্যায়ৰ ফাইনেললৈ আগবাঢ়িবলৈ সক্ষম হয়।
আনহাতে দীপিকা কুমাৰী, অংকিতা ভগত আৰু চিমৰণজিৎ কৌৰৰ তিনিওজনে বৃহস্পতিবাৰে ৰিকাৰ্ভ মহিলা দলৰ ইভেণ্টৰ ফাইনেলত উপনীত হৈ তেওঁলোকৰ প্ৰথমটো পদক সুৰক্ষিত কৰিছিল।অভিষেক বাৰ্মা আৰু জ্যোতি সুৰেখা ভেন্নামৰ মিশ্ৰ যুটিটোৱে এষ্টোনিয়াৰ ৰবিন জাটমা আৰু লিচেল জাটমাক ছেমি ফাইনেলত ১৫৬-১৫১ ব্যৱধানত পৰাস্ত কৰে।
অন্তিম-১৬ ত বাই লাভ কৰাৰ পিছত, প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত তৃতীয় স্থান প্ৰাপ্ত ভাৰতীয় যুটিটোৱে পুয়েৰ্টো ৰিকোক আঠ পইণ্টৰ (১৫৮-১৫০) আশ্চৰ্যকৰ ব্যৱধানত পৰাস্ত কৰি এক সুন্দৰ অভিযান আৰম্ভ কৰে। ভাৰতীয় যুটিটোৱে অন্তিম-আঠখনত এল ছালভাডৰৰ ৰবেৰ্টো হাৰ্নান্দেজ আৰু ছফিয়া পেজৰ সৈতে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও পিছত ১৫৫-১৫৫ (১৯-১৯)ৰ শ্বুট-অফত চূড়ান্ত জয় লাভ কৰি নিজৰ স্থিতি সবল কৰে ।
অৱশ্যে দুখৰ কথা যে আন এক ভাৰতীয় মিশ্ৰ যুটি তৰুণদীপ ৰায় আৰু অংকিতা ভগত প্ৰথম ৰাউণ্ডৰ খেলখনতে কাজাখস্তানৰ হাতত শ্বুটঅফৰ পৰাজয়ৰ সন্মুখীন হৈ নিম্ন স্থানৰ দল হিচাপে পৰিগণিত হয় ৷