বাংলাদেশৰ বহুদিনীয়া এক সপোন আজি পুৰণ হ’ল ৷ বহু প্ৰতীক্ষাৰ অন্ত পেলাই শনিবাৰে বাংলাদেশত পদ্মা নদীৰ ওপৰত ৬.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’ল-পথ সংযুক্ত দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ৷ পাকিস্তানৰ পৰা স্বাধীনতাৰ পিছত দেশখনৰ এইটোৱেই আটাইতকৈ ডাঙৰ আন্তঃগাঁথনি প্ৰকল্প ৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই শনিবাৰে উদ্বোধন কৰে বহু প্ৰত্যাশিত পদ্মা দলং ৷ দেশৰ আটাইতকৈ দীঘলীয়া দলংখন সম্পূৰ্ণৰূপে ঘৰুৱা পুঁজিৰে নিৰ্মিত।
দক্ষিণ-পশ্চিম বাংলাদেশক ৰাজধানী আৰু অন্যান্য অংশৰ সৈতে সংযোগ কৰা পদ্ম নদীৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ দৈর্ঘ্য হৈছে ৬.১৫ কিলোমিটাৰ ৷ বাংলাদেশ চৰকাৰৰ সম্পূৰ্ণ পুঁজিৰে নিৰ্মিত বহুমুখী ৰোড-ৰে’ল দলংখন ৩.৬ বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে।
পদ্ম দলঙৰ উদ্বোধনে বহু তাৎপৰ্য্য বহন কৰিছে কিয়নো এই গাঁথনিটো সম্পূৰ্ণৰূপে ঘৰুৱা বিত্তীয় সাহায্যৰে নিৰ্মাণ কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদ্মা দলং নিৰ্মাণৰ লগত জড়িত লোকসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয়, “মোৰ কাৰো বিৰুদ্ধে কোনো অভিযোগ নাই, কিন্তু পদ্মা দলং নিৰ্মাণ পৰিকল্পনাৰ বিৰোধিতা কৰি ইয়াক ‘পাইপ ড্ৰিম’ বুলি অভিহিত কৰাসকলৰ আত্মবিশ্বাসৰ অভাৱ বুলি মই ভাবো। আশাকৰোঁ এই দলঙে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব।এই দলংখন কেৱল ইটা, চিমেণ্ট, লো, আৰু কংক্ৰিট নহয়… এই দলংখন আমাৰ গৌৰৱ, আমাৰ সামৰ্থ্য, আমাৰ শক্তি, আৰু আমাৰ মৰ্যাদাৰ প্ৰতীক। এই দলংখন বাংলাদেশৰ জনসাধাৰণৰ।”