স্কুলৰ বাছ তথা বাহনৰ ক্ষেত্ৰত এইবাৰ প্ৰযোজ্য হ’ব বহুকেইটা নতুন নিয়ম ৷ এই ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে বহুকেইটা নতুন নিৰ্দেশনা ৷ উক্ত নিয়মাৱলী সন্দৰ্ভত বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত ইতিমধ্যেই আলোচনা কৰিছে জিলা পৰিবহণ প্ৰাধিকাৰীয়ে ৷ নিয়মসমূহ ভংগ কৰিলেই জৰিমনা বিহিব পৰিবহণ বিভাগে আনহাতে জব্দ কৰা হ’ব বাহন।
স্কুলবাছসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব কেইবাটাও নতুন নিয়ম । এতিয়াৰ পৰা স্কুল বাছত থাকিব লাগিব চি চি কেমেৰা, জি পি এছ , ছাইৰেনকে ধৰি আন সুবিধা সমূহ ৷ আনাতে এক গুৰুত্বপূৰ্ণ কথা যে স্কুল বাছ সমূহত এতিয়াৰ পৰা পুৰুষৰ লগতে থাকিব লাগিব মহিলা সহায়কো।
এনে কেইবাটাও দিশক সাঙুৰি দেশৰ উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে বহুকেইটা নতুন নিৰ্দেশনা। এই সংক্ৰান্তত আজি দিনৰ ভাগত গুৱাহাটীৰ কেইবাখনো ব্যক্তিগত বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰে জিলা পৰিবহণ প্ৰাধিকাৰী বিষয়া ৰফিকুল ইছলামে। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত কৰা হয় এই আলোচনা ।নিৰ্দেশনা অনুসৰি নিয়ম উলংঘা কৰা স্কুল কৰ্তৃপক্ষই ভৰিব লাগিব জৰিমনা তথা জব্দ কৰা হ’ব বাহন। ন্যায়ালয়ৰ পৰা দিয়া হ’ব জাননী।
মহানগৰীত প্ৰায় ১২০০ খন স্কুলবাছ আছে। সকলোৱে মানি চলিব লাগিব এই নিৰ্দেশ ৷ এতিয়াৰ পৰা সৰু বাহনেৰে স্কুল ভাৰা মাৰিলেও নাম্বাৰ প্লেট কৰিব লাগিব হালধীয়া । আনহাতে ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ভয়ে পাবগৈ লাগিব গন্তব্য স্থান ৷ সেই দিশতো নজৰ ৰাখিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই।