VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
June 26, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আজি নাট্যপ্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী নাট্যকাৰ, নাট পৰিচালক, অভিনেতা তথা নাট সমালোচক । তদুপৰি তেওঁ আছিল এগৰাকী সাংবাদিক তথা নাট্যতত্ত্বৰ গৱেষক । তেওঁ প্ৰায় কুৰিখন মৌলিক নাটক, শিশু উপযোগী সাহিত্য, অনুবাদ নাটক আদিৰে অসমীয়া সাহিত্যৰ ভঁড়াললৈ অৱদান আগবঢ়াই থৈ গৈছে । তেওঁ এগৰাকী পুথি প্ৰকাশকো আছিল । মাতৃৰ স্মৃতিত পদ্ম প্ৰকাশন নামেৰে এটা প্ৰকাশন প্ৰতিষ্ঠান খুলি কেইবাখনো বহুমূলীয়া গ্ৰন্থ প্ৰকাশ কৰে । ১৯৪৮ চনত তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ত অনুষ্ঠান কাৰ্যবাহী হিচাপে যোগদান কৰে । ১৯৬৫ চনত তেওঁ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত যুটীয়া সঞ্চালক হিচাপে যোগদান কৰি ১৯৭০ চনত সঞ্চালক পদলৈ উন্নীত হয় । ১৯৭২ চনত সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে যোগদান কৰি ১৯৭৪ চনত অৱসৰ লয় । তেওঁ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল । গুৱাহাটীৰ ‘সুন্দৰ সেৱী সংঘ’ৰ জৰিয়তে তেওঁ মহিলাক নাট্যাভিনয়ত জড়িত কৰোৱাত আগভাগ লৈছিল । তেওঁ দৈনিক অসম, আজিৰ অসম, প্ৰকাশ, দৈনিক জনমভূমি আদি কাকত-আলোচনীত সাংস্কৃতিক সাংবাদিকতা কৰাৰ উপৰি দ্য আছাম ট্ৰিবিউন কাকতৰ চাইক্ল’ৰামা নামৰ শিতানত নিয়মীয়াকৈ নাট সমালোচনা লিখিছিল । তেওঁ লিখা ‘ধৰালৈ যিদিনা নামিব সৰগ’ নাটখন আছিল অল ইণ্ডিয়া ৰেডিঅ’ (বৰ্তমানৰ আকাশবাণী গুৱাহাটী) যোগে প্ৰচাৰিত (৬ জুলাই, ১৯৪৮) প্ৰথমখন অসমীয়া অনাতাঁৰ নাটক । ১৯৮৬ চনত তেওঁ সংগীত নাটক অকাডেমি বঁটা লাভ কৰে । ১৯৯৩ চনত অসম চৰকাৰে তেওঁক শংকৰদেৱ বঁটা প্ৰদান কৰে । ২০০১ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী নাট্যতাত্ত্বিকলৈ আমাৰ প্ৰণাম ।

Previous Post

দেশৰ উচ্চতম ন্যায়ালয়ে স্কুলবাছৰ ক্ষেত্ৰত জাৰি কৰিছে কেইবাটাও নতুন নিৰ্দেশনা

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 10, 2022
দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা
সমাজ

দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 8, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 7, 2022
উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?
সমাজ

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

August 6, 2022
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7