উত্তৰাখণ্ডত চলি থকা চাৰি ধাম যাত্ৰাৰ সময়ত এই পৰ্যন্ত ২০০ৰো অধিক ভক্তৰ মৃত্যু হৈছে। হৃদক্ৰিয়া বন্ধ হোৱাৰ লগতে অনান্য স্বাস্থ্যজনিত সমস্যাৰ বাবে ভক্তসকলৰ মৃত্যু ঘটিছে ৷ যোৱা ৩ মে’ৰ পৰা আৰম্ভ হোৱা চাৰিধান যাত্ৰাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ২০৩ জন ৷
তদুপৰি প্ৰচণ্ড বৰষুণ আৰু পৰৱৰ্তী সময়ত হোৱা ভূমিস্খলনেও ৰাজ্য চৰকাৰৰ বাবে তীৰ্থযাত্ৰা সুচাৰুৰূপে পৰিচালিত কৰাৰ ক্ষেত্ৰত এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ৩ মে’ৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা অক্টোবৰত শেষ হ’ব ৷ এই পৰ্যন্ত তীৰ্থযাত্ৰীৰ সংখ্যাই ২ লাখ ৫০ হাজাৰ অতিক্ৰম কৰিছে ৷
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি কেদাৰনাথ যাত্ৰা পথত ৯৫ জন, বদ্ৰীনাথ ধামত ৫১ জন, গংগোত্ৰীত ১৩ জন আৰু যমুনোত্ৰিত ৪২ জন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে।
উত্তৰাখণ্ডৰ সঞ্চালক প্ৰধান (স্বাস্থ্য) শৈলজা ভট্টই কয়, ‘প্ৰথমবাৰৰ বাবে বিভাগটোৱে ৯টা স্থানত যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে নিয়মীয়াকৈ স্বাস্থ্য পৰামর্শ প্ৰদান কৰিছে ৷ তীৰ্থযাত্ৰীসকলক বিশেষকৈ বৃদ্ধসকলক এই যাত্ৰাত বিপদৰ বিষয়ে অৱগত কৰা হৈছে।” ভট্টৰ মতে, যাত্ৰা পথত ২০টা অস্থায়ী স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ য’ত ১৭৮ জন চিকিৎসকক নিযুক্তি দিয়া হৈছে ৷ ২০১৯ চনৰ যাত্ৰাৰ তুলনাত এয়া ৬৬% অধিক।