সোমবাৰে মাজনিশা মুম্বাইত সংঘটিত হয় এটি শোকাবহ দুৰ্ঘটনা ৷ মুম্বাইৰ কুৰ্লাত এটা অট্টালিকা খহি পৰাৰ ফলত এজন লোকৰ মৃত্যু হৈছে। চাৰিমহলীয়া অট্টালিকাটো খহি পৰাৰ পিছত এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে প্ৰায় আঠজন লোকক ।
অৱশ্যে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।জানিবপৰা মতে ভগ্ন অট্টালিকাটোৰ ধ্বংসাৱশেষৰ পৰা আঠজন লোকক উদ্ধাৰ কৰা হৈছে। তেওঁলোক বৰ্তমান সুস্থ।কিন্তু কিমান জন লোক আৱদ্ধ হৈ আছে সেই বিষয়ে কোনো নিশ্চিতি পোৱা নাই ৷ ধ্বংসাৱশেষৰ তলত এতিয়াও কমেও ২০-২৫ জন লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।
জানিবপৰা মতে উদ্ধাৰ কাৰ্যত ১২ টা অগ্নি নিৰ্বাপক ইঞ্জিন, দুখন উদ্ধাৰকাৰী ভান আৰু ছয়খন এম্বুলেন্স মোতায়েন কৰা হৈছিল। ইয়াৰ উপৰিও, ২৮ জন শ্ৰমিকৰ সৈতে পাঁচখন জেচিবি আছে এই উদ্ধাৰ অভিযানত।
মহাৰাষ্ট্ৰৰ মন্ত্ৰী আদিত্য ঠাকৰেয়ে সোমবাৰে নিশা মুম্বাইৰ কুৰ্লা দুৰ্ঘটনাস্থলীত উপস্থিত হৈ কয় যে বৃহন্মুম্বাই পৌৰ নিগমৰ (বিএমচি) জাননীত এনে সম্পত্তি খালী কৰিব লাগে।লগতে তেওঁ কয় যে “যেতিয়াই বিএমচিয়ে জাননী জাৰি কৰে, (অট্টালিকাসমূহ) নিজে খালী কৰিব লাগে… অন্যথা, এনে ঘটনা ঘটে, যিটো দুৰ্ভাগ্যজনক… এতিয়া এই সন্দৰ্ভত ব্যৱস্থা লোৱাটো গুৰুত্বপূৰ্ণ” ।
তেওঁ পুনৰ কয় “প্ৰায় পাঁচৰ পৰা সাতজন লোকক উদ্ধাৰ কৰা হৈছিল। ৪ টা অট্টালিকাক জাননী জাৰি কৰা হৈছিল, কিন্তু মানুহে তাত বাস কৰি আছে। আমাৰ প্ৰাথমিকতা হৈছে সকলোকে উদ্ধাৰ কৰা… ৰাতিপুৱা আমি এই অট্টালিকাবোৰ স্থানান্তৰ আৰু ধ্বংস কৰাৰ বিষয়ে বিবেচনা কৰিম যাতে ওচৰৰ লোকসকল অসুবিধাত নপৰে।”